তেজপুৰ, ২১ মাৰ্চ : অৱশেষত সামৰণি পৰিল ভাৰত-ভূটানৰ মাজত আয়োজিত গোৰ্ছাম কোৰা উৎসৱৰ ৷ চলিত মাহৰ ১৮ তাৰিখৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং চক্ৰৰ গোৰ্ছাম চোৰ্টেনত ভাৰত-ভূটানৰ মাজত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছিল এই গোৰ্ছাম কোৰা উৎসৱটি (India Bhutan Observe Gorsam Kora Festival) ৷ এই কথা সদৰী কৰে গুৱাহাটী প্ৰতিৰক্ষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে ৷
পশ্চিম অৰুণাচলৰ জেমিথাঙত ভাৰত-ভূটানৰ মাজত সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য প্ৰদৰ্শনৰ জৰিয়তে বন্ধুত্ব স্থাপনৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ ধৰ্মীয় উৎসৱটি ৷ এই উৎসৱলৈ অহা ভাৰত আৰু ভূটান উভয়ৰে তীৰ্থ যাত্ৰীয়ে ধৰ্মীয় প্ৰাৰ্থনা কৰে ৷ বাৰ্ষিক এই তীৰ্থ যাত্ৰাই ভাৰত আৰু ভূটানৰ মাজৰ ঐতিহাসিক সংযোগৰ এক বিশেষ সাক্ষ্য বাহন কৰি আহিছে ৷ যাৰ প্ৰমাণ বহন কৰে ভূটানৰ ত্ৰাশী ইয়াংচেৰ চোৰ্টেন কোৰা আৰু জিমিথাঙৰ গোৰ্ছাম কোৰাৰ মাজত আয়োজিত এই উৎসৱটিয়ে (Gorsam Kora festival at Zemithang) ।
গুৱাহাটী প্ৰতিৰক্ষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয় যে, জিমিথাঙত অৰুণাচল প্ৰদেশৰ স্থানীয় জনগোষ্ঠীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হয় ৷ আয়োজকসকলকক স্থানীয় অসামৰিক প্ৰশাসন আৰু ভাৰতীয় সেনা বাহিনীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সহায় কৰে ।