অসম

assam

উখল-মাখল দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ

By

Published : May 11, 2019, 4:57 PM IST

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ ৷ পতাকা উত্তোলন, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ অনুষ্ঠানৰ ৷

উখল-মাখল দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন

শোণিতপুৰ, 11 মে' : শোণিতপুৰ জিলাৰ বৃহত্তৰ ইটাখোলা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৰকিলে 50টা বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হয় সোণালী জয়ন্তী বৰ্ষ ৷ পুৱা পতাকা উত্তোলন পাচতেই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ ৷ সোণালী জয়ন্তী বৰ্ষৰ এই বিশাল আয়োজনক লৈ বিদ্যালয়খনত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷

উখল-মাখল দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন

ABOUT THE AUTHOR

...view details