অসম

assam

ETV Bharat / state

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী - Goddess Durga on earth

শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে পূজা মণ্ডপসমূহৰ অঘোষিত প্ৰতিযোগিতা ৷ ইপিনে ৰঙাপৰাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী ৷

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

By

Published : Oct 1, 2019, 8:44 PM IST

ৰঙাপৰা, 1 অক্টোবৰঃদুৰ্গা পূজালৈ মাজত মাথো দুটা দিন ৷ 4 অক্টোবৰৰ পৰা ৰাজ্যত পালন কৰা হ’ব দুৰ্গা পূজা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰঙাপৰাত এইবেলিও অনুষ্ঠিত হ’ব প্ৰায় 40 খন পূজা । আয়োজক সকলে মণ্ডপ সমূহ অতি সুন্দৰকৈ সজাই তোলাত গুৰুত্ব প্ৰদান কৰিছে । লাখ-লাখ টকা ব্যয় সাপেক্ষে তথা বিভিন্ন আলোকসজ্জাৰে পূজা মণ্ডপ সমূহ নিৰ্মাণ কৰিছে । এতিয়া ৰঙাপৰাত থকা প্ৰতিটো প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠানত সাজু কৰি তোলাৰ বাৰে ভিন্ন প্ৰকাৰৰ দেৱী দুর্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল । অৱশ্যে বতৰৰ কিছু বিধি পথালি দিয়াত শিল্পী সকল অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু এতিয়া মূল্যবৃদ্ধিৰ সময়ত প্ৰতিমাৰ মূল্য বৃদ্ধি নোহোৱাত মৃন্ময় শিল্পীসকল বাৰুকৈয়ে চিন্তিত হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details