তেজপুৰ, 6 জানুৱাৰী :ত্ৰিপুৰাৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে বুধবাৰে লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ৰাজ্যখনত উপস্থিত হয় ৷ ৰাজ্যখনৰ সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে স্পীয়েৰ ক’ৰৰ লেফটেনেন্ট জেনেৰেলগৰাকী আগৰতলাত উপস্থিত হয় ৷
শীৰ্ষ সেনাবিষয়া সকলৰ লগতে অসম ৰাইফলছৰ কামাণ্ডাৰসকলে আভ্যন্তৰীণ সুৰক্ষা আৰু যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰস্তুতি আৰু কাৰ্যকৰী দিশসমূহৰ বিষয়ে সম্পৰ্কে লেফটেনেন্ট জেনেৰেল কলিতাক অৱগত কৰে ৷