তেজপুৰ,১৮ মাৰ্চঃ তেজপুৰ গজৰাজ কৰ্পচৰ মুৰব্বী জেনেৰেল অফিচাৰ অৱ কামাণ্ডিং জি অ চি লে জেনেৰেল শান্তনু দয়ালে বুধবাৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৷ ৰাজ্যপাল মুখীয়ে সেনাবাহিনীৰ বিষয়া গৰাকীক অসম ৰাইফলছে অন্য সুৰক্ষা বাহিনীৰ সৈতে ৰাজ্যত আইন-শৃংখলা অটুট ৰখা কাৰ্যৰ লগতে সেনা অভিযানসমূহৰ শলাগ লয় ৷
ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ গজৰাজ কৰ্পচৰ মুখ্য সেনা বিষয়াৰ - জেনেৰেল অফিচাৰ অৱ কামাণ্ডিং জি অ চি লে জেনেৰেল শান্তনু দয়াল
ভাৰতীয় সেনাবাহিনীৰ তেজপুৰ গজৰাজ কৰ্পচৰ মুৰব্বী জেনেৰেল অফিচাৰ অৱ কামাণ্ডিং জি অ চি লে জেনেৰেল শান্তনু দয়ালে অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বুধবাৰে পৃথকে পৃথকে সাক্ষাৎ কৰে ৷
ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ গজৰাজ কৰ্পচৰ মুখ্য সেনা বিষয়াৰ
আনহাতে,মুখ্যমন্ত্ৰী সোণোৱালে উত্তৰ-পূৱৰ সেনাপ্ৰধান গৰাকীক বিভিন্ন সময়ত ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ আৰু জৰুৰীকালীন সময়ত ৰাজ্য চৰকাৰক আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ জি অ চি দয়ালে অসম চৰকাৰক ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত যুৱ সজাগতা বৃদ্ধি আৰু নতুন প্ৰযুক্তি কৌশল বিষয়ত শিক্ষা প্ৰদানৰ বাবে গুৰুত্ব দিবলৈ আহ্বান জনায় ৷
লগতে চাওকঃআদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ