অসম

assam

ETV Bharat / state

অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে এইজন লোকে - মিছামাৰী সেনা ছাউনীত অজগৰ উদ্ধাৰ

শোণিতপুৰ জিলাৰ মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় 8 ফুট আৰু ওজন প্ৰায় 20 কিলোগ্ৰাম ৷ অজগৰডাল ধৰি এক অদ্ভূত কাণ্ড সংঘটিত কৰে বনকৰ্মী গম্ভীৰ ডেকাই ৷

giant python found at Rangapara
অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে এইজন লোকে

By

Published : Dec 2, 2019, 3:07 PM IST

ৰঙাপৰা, 2 ডিচেম্বৰঃ বাঘৰ নেগুৰেৰে নহয়, অজগৰৰ নেগুৰেৰে কাণ খজুৱালে এজন লোকে ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ সেনা জোৱান সকলে অজগৰডাল প্ৰত্যক্ষ কপৰি খবৰ দিয়ে গাভৰু খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ৷ খবৰ পোৱা মাত্ৰেই বন কৰ্মীসকল সেনা ছাউনীত উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰডাল ৷ উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় 8 ফুট আৰু ওজন প্ৰায় 20 কিলোগ্ৰাম ৷

অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে গম্ভীৰ ডেকাই

আনহাতে, অজগৰডাল ধৰি এক অদ্ভূত কাণ্ড সংঘটিত কৰে বনকৰ্মী গম্ভীৰ ডেকাই ৷ এহাতে অজগৰডালৰ মূৰত ধৰি আনখন হাতেৰে অজগৰৰ নেগুৰ লৈ কাণ খজুৱালে বনকৰ্মীজনে ৷ তেখেতে কয়, যে, সাপৰ নেগুৰেৰে কাণ খজুৱালে বেমাৰ ভাল হয় বুলি সৰুতেই শুনা পাইছিল ককা-আইতাকৰ মুখত ৷ সেয়েহে এনেদৰে কাণ খজুৱালে লোকজনে ৷ বৰ্তমান অজগৰডাল সোণোই ৰূপাই অভয়াৰণ্যত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে বনবিভাগে ৷

লগতে পঢ়ক- ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details