তেজপুৰ, ২ আগষ্ট :মঙলবাৰে বিয়লি ইটানগৰৰ ৰাজভৱনত উপস্থিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰানা প্ৰতাপ কলিতা (General Raana Pratap Kalita in Itanagar) ৷ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়েৰ (অৱসৰপ্ৰাপ্ত)ড৹ বি ডি মিশ্ৰক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ইটানগৰৰ ৰাজভৱন উপস্থিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীগৰাকী ৷
দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে বিয়লি তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা ইটানগৰত উপস্থিত হোৱা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল কলিতাই ৰাজ্যপালগৰাকীৰ সৈতে পাহাৰীয়া ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খণ্ডতা, সীমান্তৱৰ্তী পথ নিৰ্মাণ আৰু অগ্নিপথ আচঁনিৰ জৰিয়তে পাহাৰীয়া ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মকৰলৰ সম্বন্ধে আলোচনা কৰা হয় ।