তেজপুৰ,11 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব অন্ত পৰাৰ লগে লগে ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ন ন নিৰ্বাচনী কৌশল তথা প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ তুমুল প্ৰতিযোগিতাত নামিছে প্ৰতিটো ৰাজনৈতিক দলৰে নেতা-পালিনেতা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে তেজপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ড৹ অনুজ মেছৰ হৈ তেজপুৰত এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে ৷ প্ৰচাৰৰ মাজতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহিলা সবলীকৰণৰ বাবে আত্ম সহায়ক গোট আৰম্ভ কৰিছিল ৷ কিন্তু বিজেপিৰ পাঁচ বছৰ শাসনত এই মহিলা গোটসমূহে ঋণৰ বোজাত ঘৰ মাটি বিক্ৰী কৰিবলগাত পৰিছে ৷
তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ - কংগ্ৰেছত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ বাবে ফাঁট মেলিছে
বৃহস্পতিবাৰে তেজপুৰ বিধান সভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰান্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ অগপ দলে জেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
ইফালে কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে ফাঁট মেলিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে উল্লেখ কৰে যে,"বিজেপিয়ে তেওঁলোকৰ জেদী নেতা অটল বিহাৰী বাজপেয়ীৰ বিষয়ে আৰু লালকৃষ্ণ আদৱানিৰ কথা নকয় ৷ কিন্তু কংগ্ৰেছে নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ কথা পাহৰা নাই আৰু তেওঁলোকক শ্ৰদ্ধা জনায়" ৷ লগতে অগপ দলে জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
লগতে পঢ়কঃনিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰমাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নৱ কুমাৰ শৰণীয়াই