অসম

assam

ETV Bharat / state

Garib Kalyan Sammelan : তেজপুৰত গৰীৱ কল্যাণ সন্মিলনৰ বিশেষ কাৰ্যসূচী - তেজপুৰত গৰীৱ কল্যাণ সন্মিলনৰ বিশেষ কাৰ্যসূচী

তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত 'গৰীৱ কল্যাণ সন্মিলন' উপলক্ষ্যে বিশেষ কাৰ্যসূচী (Garib Kalyan Sammelan organized in Tezpur)। মন্ত্ৰী অশোক সিংঘাল, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত । হিতাধিকাৰীসকলক চৰকাৰী আঁচনি সম্পৰ্কে সজাগ কৰাৰ চেষ্টা প্ৰশাসনৰ ।

Garib Kalyan Sammelan
তেজপুৰত গৰীৱ কল্যাণ সন্মিলনৰ বিশেষ কাৰ্যসূচী

By

Published : May 31, 2022, 5:39 PM IST

তেজপুৰ,৩১ মে':সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত আয়োজন কৰা হৈছে গৰীৱ কল্যাণ সন্মিলন (PM addresses Garib Kalyan Sammelan)। এই সন্মিলনৰ জৰিয়তে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে বাৰ্তালাপ কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰো বিভিন্ন জিলাত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Special Program of Garib Kalyan Sammelan in Tezpur)। য'ত অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে (Minister Ashok Singhal at Garib Kalyan Sammelan)। অনুষ্ঠানত উপস্থিত থকা হিতাধিকাৰীসকলক চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰোৱা হয় ।

তেজপুৰত গৰীৱ কল্যাণ সন্মিলনৰ বিশেষ কাৰ্যসূচী

ইফালে চৰকাৰী আঁচনিৰ উপভোক্তাসকলৰ বাহিৰেও প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক চেক প্ৰদান কৰা হয় । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱাস যোজনাৰ অধীনত অসমৰ ৫ লাখ হিতাধিকাৰীক পত্ৰ বিতৰণ কৰে । অশোক সিংঘালৰ মতে শোণিতপুৰ জিলাৰ প্ৰতিটো সমষ্টিতে ৫ হাজাৰকৈ নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰা হ'ব । তেওঁৰ মতে বৰ্তমান প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপি চৰকাৰে সব কা সাথ সব কা বিকাশ আৰু বিশ্বাস আৰু প্ৰয়াস নীতিৰে সকলো গৰীৱ-দুখীয়া লোকক সহায়ৰ হাত আগবঢ়াইছে ।

এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত আহি থকা কাৰ্বি আংলঙৰ নিৰ্বাচন সম্পৰ্কেও মন্তব্য কৰে । আনহাতে বিৰোধীৰ স্থিতি সম্প্ৰতি দুৰ্বল বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :চামগুৰিত বিধায়ক ৰকিবুল হুছেইন : বটদ্ৰৱা কাণ্ডৰ নিৰপেক্ষ তদন্তৰ পোষকতা

ABOUT THE AUTHOR

...view details