অচল অৱস্থাত নেকি তেজপুৰ পৌৰসভা !
তেজপুৰ চহৰৰ অন্তৰ্গত 19 ৱাৰ্ড সামৰি লোৱা পৌৰ সভাৰ জাৱৰ নিষ্কাষণৰ বাবে ক্ৰয় কৰা যান-বাহন থ’বলৈ ঠাইৰ অভাৱত পৰিছে তেজপুৰ পৌৰ সভা কৰ্তৃপক্ষ ৷ তাৰোপৰি যান-বাহনৰ জৰিয়তে চহৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জাৱৰ নিষ্কাষণ কৰিবলৈ ব্যৱহাৰৰ কৰে তাত কৰ্মচাৰীৰ অভাৱ ৷
শোণিতপুৰ, 6 মে': অচল অৱস্থাত পৰিছে নেকি তেজপুৰ পৌৰসভা ? তেজপুৰ চহৰৰ অন্তৰ্গত 19 ৱাৰ্ড সামৰি লোৱা পৌৰ সভাৰ জাৱৰ নিষ্কাষণৰ বাবে ক্ৰয় কৰা যান-বাহন থ’বলৈ ঠাইৰ অভাৱত পৰিছে তেজপুৰ পৌৰ সভা কৰ্তৃপক্ষ ৷ তাৰোপৰি যান-বাহনৰ জৰিয়তে চহৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জাৱৰ নিষ্কাষণৰ বাবে তাত কৰ্মচাৰীৰ অভাৱ ৷ যাৰ বাবে ক্লিন এণ্ড গ্ৰীণ চিটি মৰ্যদা লাভ কৰা তেজপুৰ চহৰত বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধ ৷ তেজপুৰ এক্স পুলিচ লাইনৰ মূল পথত থকা ডাষ্টবিন চাৰিওফালে জাৱৰ দম ৷ কিন্তু আঁতৰাবলৈ নাই কৰ্মচাৰী ৷ আনহাতে,যি সকল কৰ্মচাৰী কৰ্মত নিয়োজিত হৈ আছে সেই সকলেও সময় অনুযায়ী নিয়মীয়া দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ ফলত দুৰ্ভোগ ভুগিছে সাধৰণ ৰাইজে ৷