তেজপুৰ,২৬ এপ্ৰিল: থলুৱা শিপিনীসকলৰ অৰ্থনীতি সুৰক্ষিত কৰাৰ লগতে সাংস্কৃতিক সম্পদসমূহ জীয়াই ৰখাৰ স্বাৰ্থত তেজপুৰ বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত অসমৰ গামোচা ঐতিহ্য (সুৰক্ষা) বিধেয়ক ২০২৩ ৰ খচৰা দাখিল কৰে বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক সম্পত্তি পৰিচালনা কোষে (Gamocha Heritage Protection Bill 2023) ৷
খচৰা দাখিল বৈঠকখনত অংশগ্ৰহণ কৰে হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও ব্ৰহ্মই (Minister Urkhao Gwra Brahma) ৷ উক্ত খচৰা বিধেয়কখন UGC য়ে হাতত লোৱা "Reviving cultural artefact Gamosa through Intellectual Property management in Assam and innovative supply chain” শীৰ্ষক প্ৰকল্পৰ ফলাফল ৷
উক্ত প্ৰকল্প "Trans-disciplinary Research for India’s Developing Economy" আঁচনিৰ অন্তৰ্গত ৷ বিধেয়কখনৰ উদ্দেশ্য হৈছে সংসদৰ জৰিয়তে এখন আন্তঃৰাষ্ট্ৰীয় আইন প্ৰণয়ন কৰি গামোচাৰ গৰিমা অক্ষুণ্ণ ৰাখি শিপিনীসকলক আৰ্থিক আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষিত কৰা ৷ বুধবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোত প্ৰকল্প সমন্বয়ক ড৽ মৃদুল দত্তই প্ৰকল্পটোৰ চাৰিখন ক্ষেত্ৰৰ কথা উল্লেখ কৰে (Gamocha Heritage Protection Bill 2023) ৷ ইয়াৰ ভিতৰত গামোচা প্ৰতিষ্ঠানৰ পৰম্পৰাগত জ্ঞান আৰু পৰম্পৰাগত সাংস্কৃতিক অভিব্যক্তিৰ নথিপত্ৰৰ খতিয়ান দাঙি ধৰা অন্যতম ৷