অসম

assam

By

Published : Jul 12, 2020, 10:30 PM IST

ETV Bharat / state

শোনিতপুৰ জিলা প্ৰশাসনৰে সেনাৰ গজৰাজ ক'ৰ্পচৰ ক'ভিড-১৯ ক লৈ আলোচনা

ভাৰতীয় সেনা বাহিনীৰ তেজপুৰস্থিত গজৰাজ ক'ৰ্পচৰ জি অ' চি লে: জেনেৰেল শান্তনু দয়াল আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ মাজত দেওবাৰে মহামাৰী ক'ভিড-১৯ সম্পৰ্কীয় এক আলোচনা অনুস্থিত হৈ যায় । সেনাৰ গজৰাজ ক'ৰ্পচ চৌহদত অনুস্থিত হোৱা এই বিশেষ আলোচনাত প্ৰশাসনৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকী স্বাস্থ্য বিষয়াও উপস্থিত থাকে ।

gajaraj corp goc meet sunitpur dist admin and health officer
শোনিতপুৰ জিলা প্ৰশাসনৰে সেনাৰ গজৰাজ ক'ৰ্পচৰ ক'ভিড-১৯ক লৈ আলোচনা

তেজপুৰ,১২ জুলাই :প্ৰথমবাৰৰ কাৰণে ভাৰতীয় সেনা বাহিনীৰ গজৰাজ ক'ৰ্পচৰ জি অ' চি লে:জেনেৰেল শান্তনু দয়ালে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰে কোভিড-১৯ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । লগতে সেনাৰ জি অ' চি গৰাকীয়ে ক'ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত জিলাখনৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰীয়ে পালন কৰি অহা কৰ্তব্যৰ শলাগ লৈ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত প্ৰথম শাৰীৰ যুদ্ধাৰ লগত অভিহিত কৰি এটি উপহাৰ প্ৰদান কৰে ।

শোনিতপুৰ জিলা প্ৰশাসনৰে সেনাৰ গজৰাজ ক'ৰ্পচৰ ক'ভিড-১৯ক লৈ আলোচনা

ক'ভিড-১৯ ৰ লগত হোৱা যুদ্ধখনত শোনিতপুৰ জিলা প্ৰশাসন, সেনা আৰু স্বাস্থ্য বিভাগৰ মাজত হোৱা সমন্বয় তথা সহযোগীতাৰো শলাগ ললে গজৰাজ ক'ৰ্পচৰ জি অ' চি গৰাকীয়ে ।

শোনিতপুৰ জিলা প্ৰশাসনৰে সেনাৰ গজৰাজ ক'ৰ্পচৰ ক'ভিড-১৯ক লৈ আলোচনা

লগতে পঢ়ক :অখিল গগৈৰ আশু আৰোগ্য কামনাৰে বাঘজানৰ আশ্ৰয় শিবিৰত বন্তি প্ৰজ্বলন

ABOUT THE AUTHOR

...view details