অসম

assam

ETV Bharat / state

গ্ৰাহকৰ ৰূপত অহা প্ৰৱঞ্চকে লুটি নিলে স্বৰ্ণ ব্যৱসায়ীক - Bike theft in Tezpur

তেজপুুৰবাসী সাৱধান ! চোৰৰ এটা দলে শেহতীয়াকৈ চহৰখনত কেইবাটাও চুৰি কাৰ্য সংঘটিত কৰিছে (Thieves gang in Tezpur)। এইবাৰ স্বৰ্ণ ব্যৱসায়ীক প্ৰৱঞ্চনাৰে লুটিলে চোৰে । একেদিনাই চহৰৰ মাজমজিয়াৰ পৰা চুৰি লক্ষাধিক টকাৰ মূল্যৰ মটৰ চাইকেল ।

Thieves gang in Tezpur
গ্ৰাহকৰ ৰূপত অহা প্ৰৱঞ্চকে লুটি নিলে স্বৰ্ণ ব্যৱসায়ীক

By

Published : Aug 18, 2022, 3:12 PM IST

তেজপুৰ,১৮ আগষ্ট :তেজপুৰত চাঞ্চল্যকৰ ঘটনা । চক বজাৰত গ্ৰাহকৰ ৰূপত অহা প্ৰৱঞ্চকে স্বৰ্ণ ব্যৱসায়ীৰ পৰা লুটি নিলে অলংকাৰ আৰু নগদ ধন (Fraudster rob gold dealers in guise of customers)। চক বজাৰৰ এখন সোণৰ বিপনীত সংঘটিত হৈছে এই ঘটনা । বৃস্পতিবাৰে সোণৰ নাক ফুলি কিনিবলৈ আহি চোৰে ব্যৱসায়ীৰ পৰা লৈ গ'ল ডিঙিৰ চেইন আৰু নগদ ধন । এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।

উল্লেখ্য যে এজন প্ৰৱঞ্চক গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰিছিল বিপনীখনত । ভুক্তভোগী স্বৰ্ণ ব্যৱসায়ীজনে কোৱা মতে প্ৰথমে তেওঁ নাক ফুলি বিচাৰিছিল । ব্যৱসায়ীগৰাকীয়ে নাক ফুলি উলিয়াই দিয়াৰ পাছত টকাৰ বাণ্ডিল বিচাৰে প্ৰৱঞ্চকজনে । নাক ফুলিটো দান দিব সেয়ে নাক ফুলিটো টকাখিনিত স্পৰ্শ কৰিব লাগে ।

গ্ৰাহকৰ ৰূপত অহা প্ৰৱঞ্চকে লুটি নিলে স্বৰ্ণ ব্যৱসায়ীক

তাৰ পাছতে ব্যৱসায়ীগৰাকীৰ ডিঙিৰ চেইন বিচাৰে । মুঠতে বিভিন্ন অজুহাত দি প্ৰৱঞ্চকজনে ব্যৱসায়ীজনৰ পৰা সোণৰ চেইন আৰু নগদ ধন লুটি লৈ গ'ল (Theft at gold shop in Tezpur)। কিন্তু ৰহস্যজনকভাৱে প্ৰৱঞ্চকজন যোৱাৰ পাছতহে জ্ঞান ঘূৰি আহে ব্যাৱসায়ীজনৰ । চকুৰ সন্মুখতে ধন আৰু সোণৰ চেইন লৈ যোৱাৰ পাছতো একো কৰিব নোৱাৰিলে ব্যৱসায়ীজনে ।

কি কৌশলেৰে প্ৰৱঞ্চকে ব্যৱসায়ীজনক লুুটিলে সেয়া এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন । যাৰ বাবে চহৰৰ সকলো ব্যৱসায়ী এতিয়া আতংকিত হৈ পৰিছে ।

ইফালে একেদিনাই তেজপুৰ চহৰৰ সদৰ আৰক্ষীৰ সমীপত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই এখন মটৰ চাইকেল চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Bike theft in Tezpur)। পঞ্জীয়নৰ বাবে অহাৰ সময়তে তলা ভাঙি চোৰে লৈ গ'ল মটৰ চাইকেলখন । শেহতীয়াকৈ এনে ধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে তেজপুৰত । কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণত সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক :চাংসাৰীত তিনি ডকাইতক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details