তেজপুৰ, ১২ নৱেম্বৰ :শনিবাৰে তেজপুৰ হেম বৰুৱা স্মৃতি ভৱনত আয়োজন কৰা হয় বিজেপি যুৱ মৰ্চাৰ এক যোগদান কাৰ্যসূচী (BJP Yuva Morcha joning programe at Tezpur) ৷ এই কাৰ্যসূচীতেই সাংসদ পল্লৱ লোচন দাসৰ উপস্থিতিত বিজেপি যুৱ মৰ্চাত যোগদান কৰে দৰং মহাবিদ্যালয়ৰ চাৰি ছাত্ৰ প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈয়ে ৷
জানিব পৰা মতে, প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈ হৈছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য ৷ সন্থাৰ পৰা অব্যাহতি নোলোৱাকৈয়ে চাৰি ছাত্ৰই বিজেপি যুৱ মৰ্চাত যোগদান কৰে ৷ যাৰ বাবে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাই চাৰি ছাত্ৰক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কৃত কৰে (Four members of AASU expelled from Sonitpur) ।
কেৱল এয়াই নহয় দৰং মহাবিদ্যালয়ৰ নিৰ্বাচনৰ সময়তো বহু অসাংবিধানিক কাৰ্যকলাপ কৰাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখিত চাৰি ছাত্ৰৰ বিৰুদ্ধে ৷ আনকি সদৌ অসম ছাত্ৰ সন্থাৰ নিয়মাৱলী অনুসৰি, সন্থাৰ পৰা অব্যাহতি লোৱাৰ 6 মাহৰ পাচতে কোনো দল বা সংগঠনত যোগদান কৰিব পাৰে ৷