তেজপুৰ, ২৯ নৱেম্বৰ: দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে তেজপুৰৰ আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল মাধ্যমেৰে এই কাৰ্য সম্পাদন কৰাৰ পিছতে তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে আধাৰশিলা স্থাপন কৰে । এই অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং ।
তেজপুৰত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন - তেজপুৰত আৰক্ষী
তেজপুৰত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভাৰ্চুৱেল মাধ্যমেৰে দেওবাৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেজপুৰত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন
তেজপুৰত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন
বিধায়ক বৃন্দাবন গোস্বামীয়ে ৰাইজৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে আগবঢ়াই অহা সেৱাৰ বাবে শলাগ লয় । আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্তই কয় যে, জিলাখনৰ আৰক্ষীৰ প্ৰয়োজনীয়তাৰ বিষয়ে অনুধাৱন কৰি মুখ্যমন্ত্ৰীয়ে দেওবাৰে ৰাজ্যৰ ভিন্ন জিলাৰ লগতে ভাৰ্চুৱেল মাধ্যমেৰে তেজপুৰ আৰক্ষী চাউনী আৰু কাৰিকৰী বিভাগৰ আধাৰশিলা স্থাপন কৰে ।
লগতে পঢ়ক:অন্ত পৰিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল