অসম

assam

ETV Bharat / state

Behali Press Club Foundation Day Celebration : বিহালী প্ৰেছ ক্লাবৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - foundation day of behali press club celebrated in first january 2022

বছৰৰ পহিলা দিনটোতে উদযাপন কৰা হ'ল বিহালী প্ৰেছ ক্লাৱৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস (Behali Press Club foundation day celebration) ৷ মধ্য বিহালী শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

behali-press-club-foundation-day-celebration-at-behali
বিহালী প্ৰেছ ক্লাৱৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jan 2, 2022, 11:14 AM IST

বিশ্বনাথ, 2 জানুৱাৰী : শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ মফচলীয় সাংবাদিকসকলৰ উমৈহতীয়া সংগঠন বিহালী প্ৰেছ ক্লাব (Behali Press Club) ৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (Behali Press Club foundation day celebration) ৷ বছৰৰ পহিলা দিনটোত মধ্য বিহালী শাখা সাহিত্য সভা (Madhya Behali Sahitya Sabha) ৰ কাৰ্যালয় প্ৰাংগণত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

শনিবাৰে পুৱা কাৰ্যসূচী অনুসৰি বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক কুমাৰ শৰ্মাই পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলনৰ পিছত সভাপতিগৰাকীয়ে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিহালী প্ৰেছ ক্লাবৰ জন্ম লগ্নৰ সৈতে জড়িত লোকসকলক সুঁৱৰি কৃতজ্ঞতা জনায় ৷ এই অনুষ্ঠানৰ আঁত ধৰে বিহালী প্ৰেছ ক্লাবৰ সম্পাদক খগেন মটকে ৷

বিহালী প্ৰেছ ক্লাৱৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মধ্য বিহালী শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মধ্য বিহালী শাখা সাহিত্য সভাৰ সভাপতি ৰাজেন হাজৰিকা, সমাজকৰ্মী মহম্মদ আলী হোছেইন, ক্ৰীড়া সংগঠক, বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সম্পাদক অৰুণ কুমাৰ চাহাই উপস্থিত থাকে ৷ বিহালী প্ৰেছ ক্লাবৰ আপোচবিহীন কৰ্মৰাজি তথা নিৰপেক্ষ সংবাদ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনতো এই ধাৰা অক্ষুণ্ণ থকাৰ কামনা কৰে এইসকল বিশিষ্ট ব্যক্তিয়ে ৷

ইয়াৰোপৰি এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেণ বৰা, বয়োজ্যেষ্ঠ ব্যক্তি বেবীধৰ বৰা, বেদেতী অঞ্চলৰ ব্যৱসায়ী দিলীপ সেন, প্ৰাক্তন খেলুৱৈ বাপধন বৰা, বিহালী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামী, বিহালী প্ৰেছ ক্লাবৰ পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাসৰ লগতে সহকাৰী সম্পাদক অম্লান কাশ্যপ সাহা উপস্থিত থাকে ৷

লগতে পঢ়ক :তামুলপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান : অংশগ্ৰহণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details