অসম

assam

ETV Bharat / state

এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল NDFBৰ প্ৰাক্তন সদস্য - implementation of btr accord

বিটিআৰ চুক্তিৰ আধাৰত অস্ত্ৰ সম্বৰণ কৰা সদস্যৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ চুক্তিত উল্লেখিত প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত প্ৰতিবাদত বহিল এনডিএফবি(NDFB)ৰ প্ৰাক্তন সদস্য ৷

former NDFB militants are protesting for proper implementation of btr accord
এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰাক্তন NDFB সদস্য

By

Published : Jul 10, 2021, 8:00 PM IST

তেজপুৰ, ১০ জুলাই:ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে, শনিবাৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ অসম অৰুণাচল সীমান্তৱৰ্তী(Assam-Arunachal border) অঞ্চলৰ খাওলা চেন্টাৰত এনডিএফবি(National Democratic Front of Bodoland)ৰ প্ৰাক্তন সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ চৰকাৰৰ লগত শান্তি চুক্তি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত বিটিআৰ(BTR)ৰ বাহিৰৰ প্ৰাক্তন এনডিএফবি(NDFB) সদস্যসকলক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰাত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰাক্তন কেডাৰসকলে ৷

ৰাজ্য চৰকাৰৰ সৈতে NDFB নেতৃত্ব

চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়তো সভা অনুষ্ঠিত কৰিবলৈ বাধ্য হ’ল বুলি সংবাদ মাধ্যমক জনাই এনডিএফবিৰ প্ৰাক্তন শীৰ্ষ নেতা তথা সদস্য সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ চৰকাৰৰ সদিচ্ছা থাকিলে এনডিএফবিৰ সদস্যসকলক কোনোধৰণৰ সাক্ষাৎকাৰ নোলোৱাকৈ চাকৰিত মকৰল কৰাৰ দাবী জনায় ৷

ৰাজ্য চৰকাৰৰ সৈতে ৰঞ্জন দৈমাৰী

ৰঞ্জন দৈমাৰীক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে বিভিন্ন গোচৰত বিচাৰাধীন হৈ থকা কেডাৰসকলৰ ওপৰত থকা গোচৰসমূহ খাৰিজ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁলোকে চৰকাৰক আহ্বান জনায় ৷ উল্লেখযোগ্য যে, 2020 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত থকা তদানীন্তন বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগত বড়ো চুক্তি স্বাক্ষৰ হৈছিল ৷

ইয়াৰ পাচতে চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(union home minister Amit Shah) তেওঁৰ অসম ভ্ৰমণৰ সময়ত বিটিআৰ চুক্তিৰ ধাৰাসমূহ ৰূপায়ন(implementation of clauses of BTR accord)ৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷

বিটিআৰ চুক্তিৰ আধাৰত উগ্ৰপন্থী সংগঠনটোৰ চাৰিটা ভাগত বিভক্ত গোটে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিছিল ৷ উক্ত চুক্তিত উল্লেখ থকা মতে,এনডিএফবিৰ আত্মসমৰ্পণ কৰা প্ৰায় 1500 সদস্যই কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ অধীনত সংস্থাপন লাভ কৰিব তথা বড়ো আন্দোলন(Bodo agitation)ত মৃত্যু হোৱা পৰিয়ালসমূহৰ লোকক চৰকাৰে 5 লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰিব ।

এই চুক্তিখনৰ বাবেই বড়ো ভূমিত প্ৰমোদ বড়োৰ নেতৃত্বত নতুন পৰিষদ গঠন হোৱাৰ লগতে, বিধান সভা নিৰ্বাচনতো বিজেপিয়ে চৰকাৰ গঠন কৰাত যথেষ্ট সুবিধা লাভ কৰে । কিন্ত, নতুন চৰকাৰৰ দুইমাহ পাৰ হোৱাৰ পাচতো এই চুক্তিৰ আধাৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া এনডিএফবিৰ প্ৰাক্তন কেডাৰসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া

ABOUT THE AUTHOR

...view details