তেজপুৰ,24 নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,বিশিষ্ট ৰাজনীতিবিদ তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসানত গভীৰ শোক ব্যক্ত কৰিছে জাৰ্নলিষ্টছ ইউনিয়ন অব্ আছামে(জুৱা) ।
জুৱাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে প্ৰেৰণ কৰা এটা শোকবাৰ্তাত প্ৰকাশ কৰিছে যে তিনিটা কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰকৃত ভদ্ৰলোক তৰুণ গগৈ ডাঙৰীয়াই সাংবাদিক আৰু সংবাদ পত্ৰৰ স্বাধীনতাত বিশ্বাস আৰু আস্থা ৰাখিছিল আৰু বৃত্তিটোৰ সৈতে জড়িতসকলৰ প্ৰতি সততে সন্মানজনক ব্যৱহাৰ প্ৰদৰ্শন কৰিছিল । তৎপৰ আৰু সহজ-সৰল স্বভাৱৰ বাবে মানুহগৰাকীয়ে খুব কম সময়তে ৰাজ্যৰ সাধাৰণ মানুহৰ ওচৰ চাপিব পাৰিছিল । ৰাজনৈতিক বিৰোধীৰ প্ৰতি দেখুওৱা সৌহাৰ্দ্যপূৰ্ণ আচৰণৰ বাবে প্ৰায় সকলো বিৰোধীৰ বাবে তেওঁ এগৰাকী প্ৰিয় ব্যক্তিত্ব আছিল । জুৱাইয়ে গগৈৰ মৃত্যুত অসমে এগৰাকী বিচক্ষণ আৰু অভিজ্ঞ ৰাজনীতিবিদ হেৰুৱালে বুলি মন্তব্য কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ 'জুৱা'ৰ - জাৰ্নলিষ্টছ ইউনিয়ন অব্ আছামে
তৰুণ গগৈ ডাঙৰীয়াই সাংবাদিক আৰু সংবাদ পত্ৰৰ স্বাধীনতাত বিশ্বাস আৰু আস্থা ৰাখিছিল আৰু বৃত্তিটোৰ সৈতে জড়িতসকলৰ প্ৰতি সততে সন্মানজনক ব্যৱহাৰ প্ৰদৰ্শন কৰিছিল ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ 'জুৱা'ৰ