তেজপুৰ, 5 অক্টোবৰ :সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ডেনিয়েল তপ্ন হত্যাকাণ্ড গোচৰৰ গুনানী গ্ৰহণ কৰাৰ পিচতে সেই সময়ত CBI ৰ অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ কয় যে, এই বিষয়ত তেওঁক CBI য়ে গ্ৰেপ্তাৰ কৰাৰ পিচত 2014 চনৰ ফেব্ৰুৱাৰী মাহত ন্যায়ালয়ে উক্ত গোচৰত তেওঁক দোষ মুক্ত কৰিছে ।
আনহাতে তেওঁ পুনৰ কয় যে, নিৰ্বাচন আহিলেই ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপিত হয় । লগতে, তেওঁ কয় যে বিজেপি চৰকাৰে SI কেলেংকাৰী তদন্ত তল পেলাবলৈ এনে ধৰণৰ ঘটনা সংঘটিত কৰি ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰি আহিছে ৷