ৰঙাপৰা, 20 জুলাই:জৈৱ-বৈচিত্ৰৰ ভঁৰাল স্বৰূপ মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ দুৰ্গম অঞ্চলত চোৰাং কাঠকটীয়াই প্ৰৱেশ কৰি দিনে-নিশাই অবাধ হাৰত বনধ্বংস চলাই আহিছে। আপুৰুগীয়া জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ সোনাই-ৰূপাই বন্যপ্ৰাণী (Sonai-Rupai Wildlife Sanctuary) অভয়াৰণ্যখনত সম্প্ৰতি চৰাই-চিৰিকটিৰ মাতৰ বিপৰীতে যন্ত্ৰ চালিত কৰতৰ শব্দহে শুনা যায় । মিছামাৰীৰ উত্তৰ দিশত থকা ২২০ বৰ্গ কিলোমিটাৰ ভূমিৰে আগুৰি থকা সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ দুৰ্গম এলেকাত চোৰাং কাঠকটীয়াই নিশাৰ ভাগত অবৈধ ভাৱে প্ৰৱেশ কৰি ইজোপাৰ পাছত সিজোপাকৈ মূল্যবান গছ নিৰ্বিঘ্নে কাটি বনধ্বংস চলাই গৈছে ।
অভয়াৰণ্যখনৰ ভিতৰত গছ কটাৰ উদ্দেশ্যৰে ১৭ জনীয়া এটা চোৰাং কাঠকটীয়াৰ দলে নিশাৰ ভাগত প্ৰবেশ কৰাৰ তথ্য লাভ কৰিছিল অভয়াৰণ্যত নিৰাপত্তাৰ দায়িত্ব থকা বনকৰ্মীসকলে । সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ মিছামাৰী কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ২২ কিলোমিটাৰ নিলগত থকা দীক্ষেশ্বৰী বন শিৱিৰ এলেকাৰ মাজত বনকৰ্মীসকলে অভিযান চলায় ।