ৰঙাপৰা, 2 জুন : দিহিং পাটকাই অভয়াৰণ্যৰ সমান্তৰালকৈ ধ্বংসৰ গৰাহত শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চল ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ ধ্বংস আৰু খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য। এই সমগ্ৰ ঘটনা বন বিভাগৰ জ্ঞাতেই চলি থকাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।
উল্লেখ্য যে, ছাত্ৰ সন্থাৰ কৰ্মী সকলে কৰা অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চলি আছে বন ধ্বংসৰ ঘটনা ৷ লগতে অৰ্কমণ্য বন বিভাগটোৰ বাবেই দেওহাঁহ আৰু শিলঘৰীয়া মাছৰ বাবে বিখ্যাত জীয়া ভৰলী নদীখনত দীৰ্ঘদিনৰ পৰা চলি আছে খনন কাৰ্য । কেইটামান ধনৰ লোভত বন বিভাগে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি অহাৰ বাবেই নিশেষ হোৱাৰ পথত বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৷ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০ কিল'মিটাৰ নিলগত তথা ইক টাস্ক ফৰ্চৰ গাতে লাগি থকা ৰিহাজুলি গাওঁ আৰু ঢাৰিকাটি অঞ্চলৰ অন্তৰ্ভাগত জীয়া ভৰলী নদীৰ সমীপত অস্থায়ী শিৱিৰ পাতি একাংশ বনদস্যুৱে জে চি বি লগাই চলাই আহিছে অবাধ খনন। যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ গছ-গছনি ধ্বংসৰ লগতে এনেদৰে বৈধ খনন কাৰ্য চলি থাকিলে জীয়াভৰলী নদীখন অতি সোনকালে শিলগুটি বিহীন হৈ পৰিব বুলি উল্লেখ কৰি অতি সোনকালে বন বিভাগক এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।