ৰঙাপাৰ, 2 ছেপ্টেম্বৰ: চাউল বনাম কেলেংকাৰী ৷ শুকুৰবাৰে ৰঙাপৰাৰ বৰজুলি ৰেচন গুদামত খাদ্য আৰু অসামৰিক যোগান বিভাগে এক অভিযান চলায় (Food and Civil Supplies Department raid) ৷ চাউলৰ গুদামটোত চৰকাৰী চাউল মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছিল আছাই (Raid at Barjuli ration godown) ৷
সমবায় আৰু চৰকাৰী বিদ্যালয়ৰ বাবে বিতৰণ কৰা চৰকাৰী চাউল মজুত কৰি বাগিচা অঞ্চলত যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছিল আছা নামৰ আদিবাসী ছাত্ৰ সংগঠনটোৱে ৷ আছাৰ একাংশ কৰ্মীৰ অভিযোগৰ ভিত্তিতেই চাহ বাগিচা সমূহত আটা আৰু চাউল যোগান ধৰি অহা আসাম ভেলি চিৰিয়েল প্ৰাইভেট লিমিটেড নামৰ ৰেচন গুদামটোত অভিযান চলায় যোগান বিভাগে (Food and Civil Supplies Department raid in ration godown)।
শোণিতপুৰ জিলা সহকাৰী উপায়ুক্ত নম্ৰতা দাসৰ উপস্থিতত জিলাৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ অধীক্ষক মজুবুদ্দিন আহমেদ আৰু পৰিদৰ্শক ভাগ্য ডেকা ৰেচন গুদামটোত উপস্থিত হৈ তালাচী চলায় আৰু গুদামটোত মজুত থকা চাউলৰ বস্তাৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে ৷