অসম

assam

ETV Bharat / state

আবতৰীয়া বানৰ কবলত ৰঙাপৰা - অৰুণাচল প্ৰদেশ

ৰাজ্যত চলিত বৰ্ষতে ৰাজ্যখনত চাৰিটাকৈ বানে বিধ্বস্ত কৰা সময়তে পুনৰ আকৌ পঞ্চমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ পাঁচশটা পৰিয়াল বানৰ কবলত পৰাৰ তথ্য পোৱা গৈছে ৷

flood situations at rangapara ,sonitpur
আবতৰীয়া বানৰ কবলত ৰঙাপৰা

By

Published : Oct 8, 2020, 10:11 AM IST

ৰঙাপৰা,8 অক্টোবৰঃ ৰাজ্যত বিগত কিছুদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা মূষলধাৰ বৰষুণৰ ফলত আহিন মাহত বানৰ কবলত পৰিছে শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিখনকৈ গাঁৱৰ ৰাইজ । বছৰটোৰ তৃতীয়টো বানে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত মানশিৰি নৈখনৰ বাঢ়নি পানীয়ে ৰঙাজান গাঁও পঞ্চায়ত এলেকাৰ গুদামঘাট কছাৰী, গুদামঘাট মিৰি, গুদামঘাট বঙালী আৰু গুদামঘাট নেপালী গাঁওখন প্লাৱিত কৰি তুলিছে। বানপানীয়ে প্ৰায় পাঁচশটা পৰিয়ালৰ বাসগৃহ বুৰাই পেলাইছে । ঠায়ে ঠায়ে এবুকু, এককাল আৰু একাঠু পানীৰ সৃষ্টি হৈছে ।

আবতৰীয়া বানৰ কবলত ৰঙাপৰা

ইফালে ১৮ মাইল-মিট চাপ্লাই সংযোগী লোক-নিৰ্মাণ পথচোৱা পানীৰ তলত। যোৱা তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। বিগত দুদিন ধৰি মানশিৰি নদীৰ বাঢ়নি পানীৰ তলত প্ৰায় ৫ শতাধিক পৰিয়াল। মানশিৰি নৈৰ বাঢ়নী পানীৰ তলত গুদামঘাট অঞ্চলৰ বাট-পথ। চৌদিশে সাগৰ সদৃশ পৰিৱেশ। উল্লেখযোগ্য যে, ৰঙাপৰা বিধানসভা সমষ্টিত মানশিৰি নৈখনে বছৰৰ পিছত বছৰ ধৰি বানপানী আৰু খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। বানৰ কবলত পৰা ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ আঁহৰি পোৱা নাই কোনো এজনো জনপ্ৰতিনিধিয়ে।

লগতে পঢ়কঃ মৰিগাঁৱৰ তাৎক্ষণিক উন্নয়ন সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্তৰ বৈঠক

ABOUT THE AUTHOR

...view details