অসম

assam

ETV Bharat / state

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল - তেজপুৰ

বানত বুৰ গৈছে গহপুৰৰ 20 খন গাঁও পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক গাঁও । জলমগ্ন হৈ পৰিছে মহকুমাটোৰ ৬০ শতাংশ অঞ্চল ।

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Jul 16, 2019, 7:51 PM IST

তেজপুৰ, 16 জুলাই : বলিয়া বানত বিধ্বস্ত বিশ্বনাথৰ গহপুৰৰ বহু অঞ্চল । নিমিষতে তচনচ হৈ পৰিল হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহকে ধৰি সকলো । ব্ৰহ্মপুত্ৰৰ বানত বুৰ গৈছে গহপুৰৰ 20 খন গাঁও পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক গাঁও । জলমগ্ন হৈ পৰিছে মহকুমাটোৰ ৬০ শতাংশ অঞ্চল । সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে প্ৰায় ১০০ খনৰো অধিক গাঁৱৰ ।

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

লোহিতমুখ,ৰাওনামুখ,পিছলা সোৱনশিৰি,খাৰৈপৰীয়া,কলাবাৰী, পশ্চিম কলাবাৰী,বৰতামুলী , বাকৰিদলনি,ৰাঙলিয়াল, চত্ৰং আদি পঞ্চায়ত এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন । জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল । ইয়াৰ মাজতে মঙলবাৰে গহপুৰত বানাক্ৰান্তৰ কাষত উপস্থিত হয় বিশ্বনাথৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক । বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বুজ ল'লে শিবিৰত থকা বানাক্ৰান্তসকলৰ দুখ-দুৰ্দশাৰ ।

ABOUT THE AUTHOR

...view details