চতিয়া, 9 অক্টোবৰ: আহিনীয়া বানৰ কৱলত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম অঞ্চলৰ কেইবাখনো গাঁও ৷ যোৱা চাৰি পাঁচ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জীয়া ভৰলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই হোৱা বাঢ়নী পানীয়ে সৃষ্টি কৰিছে এই আবতৰীয়া বানৰ ৷ বানত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ ভৰলীচাপৰি, গটাইমাৰীকে ধৰি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল ৷ নষ্ট হৈছে শ শ বিঘা কৃষি ভুমি ৷
জামুগুৰিহাটত আহিনীয়া বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল - Flood in Bishwanath
জীয়া ভৰলী নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে এই আবতৰীয়া বানৰ ৷ বানত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ ভৰলীচাপৰি, গটাইমাৰীকে ধৰি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল ৷
জামুগুৰিহাটত আহিনীয়া বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল
আনহাতে বিগত কেইবামাহ ধৰি পানীৰ তলতে আছে অঞ্চলটোৰ সুৰক্ষাৰ বাবে ভৰলী চাপৰিত 4 লেনযুক্ত পথৰ দাতিতে স্থাপন কৰা চি.আৰ.পি. এফ.বাহিনীৰ নৱ নিৰ্মিত চাউনীটো ৷ ইফালে বানত বুৰ যোৱা গাঁও কেইখনৰ ৰাইজেও ভুগিব লগীয়া হৈছে যমৰ যাতনা ৷
লগতে পঢ়কঃউত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰী