ৰঙাপৰা, 24 মে': বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে বছৰৰ প্ৰথমটো বানত বুৰিল শোণিতপুৰৰ বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত বিগত চাৰিদিন ধৰি হৈ থকা মুষলধাৰ বৰষুনৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা জৰাসৰ আৰু মানশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ বহু কেইখন গাঁও ৷ বানত বুৰ গৈছে কমাৰী গাওঁ প্ৰাথমিক বিদ্যালয়, কমাৰীগাওঁ নামঘৰ, বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দীঘলীগাঁও, দীঘলী বালিজান, কমাৰীগাঁও, ঢেকেৰীগাঁৱকে ধৰি বহুকেইখন গাঁও ৷
বছৰৰ প্ৰথমটো বানত শোণিতপুৰৰ বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল - Flood in Balipara of Sonitpur
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত বিগত চাৰিদিন ধৰি হৈ থকা মুষলধাৰ বৰষুনৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা জৰাসৰ আৰু মানশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ বহু কেইখন গাঁও ৷
বছৰৰ প্ৰথমটো বানত কৱলত শোণিতপুৰৰ বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল
উল্লেখ্য যে, এই বানত বুৰ গৈছে অঞ্চল কেইটাৰ বহু হেক্টৰ কৃষিভূমি ৷ বাৰিষাৰ পূৰ্বেই এই দৰে বানে কালৰূপ ধৰাত এতিয়া আতংকিত হৈ পৰিছে বালিপৰাৰ অঞ্চলবাসী ৷
লগতে পঢ়কঃডিব্ৰু ছৈখোৱাত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাসহ সজাতি দল