অসম

assam

ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত ৰঙাপৰা

কৃত্ৰিম বানৰ কৱলত শোণিপুৰৰ ৰঙাপৰা ৷ বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলতেই নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

By

Published : Jun 26, 2019, 12:46 PM IST

কৃত্ৰিম বানৰ কবলত ৰঙাপৰা

ৰঙাপৰা,26 জুন : শোণিতপুৰৰ ৰঙাপৰাত কৃত্ৰিম বান ৷ নলাৰে পানী নিষ্কাষণ নোহোৱাত পানীৰে উপচি পৰিছে উপসনাস্থলী,ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাট-পথ ৷ এজাক বৰষুণতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৃষ্টি হয় কৃত্ৰিম বানৰ। বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলতেই নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷ ৰঙাপৰা নগৰখনত কৃত্ৰিম বানৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰি আহিছে ।

কৃত্ৰিম বানৰ কবলত ৰঙাপৰা

কৃত্ৰিম বানেৰে ভৰি পৰিছে ৰঙাপৰাৰ একাংশ অঞ্চল। গোপীনাথ বৰদলৈ পথ,শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদ্বাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান আৰু একাংশ লোকৰ বাসগৃহৰ ভিতৰত পানীৰে উপচি পৰিছে। ৰঙাপৰাৰ পকী নলাবোৰ সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা ডাষ্টবিনলৈ পৰিণত হৈছে। কৃত্ৰিম বানৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পানী গচকি আৰু একাংশই অভিভাৱকৰ বোকোচাত উঠি বিদ্যালয়লৈ যাবলগীয়া হৈছে। প্ৰত্যেক বছৰে ৰঙাপৰাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈ অহাৰ পাচতো সমস্যা সমাধানৰ ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাই আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ ।

ABOUT THE AUTHOR

...view details