অসম

assam

ETV Bharat / state

Assam flood news: চত্ৰং নদীৰ মথাউৰি ছিগি জলমগ্ন গহপুৰ নগৰ - Gahpur town submerged

গহপুৰ নগৰ বানৰ কবলত । ভয়ংকৰ পৰিস্থিতি ৪ নং ৱাৰ্ডত । চত্ৰং নদীৰ মথাউৰি বিভিন্ন স্থানত দুৰ্বল হৈ থকাৰ কথা ৰাইজে জলসম্পদ বিভাগক অৱগত কৰি আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে ক্ষোভ উজাৰিছে ।

Flood damaged in Gohpur town
ৰাজ্য়ত এতিয়া বানৰ আতংক

By

Published : Jun 22, 2023, 3:20 PM IST

ৰাজ্য়ত এতিয়া বানৰ আতংক

বিশ্বনাথ, ২২ জুন:ৰাজ্য়ত এতিয়া বানৰ আতংক । ৰাজ্য়ৰ কেইবাখনো জিলাত ইতিমধ্য়ে বানে সংহাৰী ৰূপ লৈছে । শোণিতপুৰ জিলাৰ চত্ৰং নদীৰ মথাউৰি ছিগাৰ ফলত জলমগ্ন হৈছে গহপুৰ নগৰ । ৰাজ্যত যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অব্যাহত আছে বানৰ তাণ্ডৱ । ইফালে, এই বানৰ ফলত বুৰ গৈছে উত্তৰ অসমৰ কেইবাখনো গাওঁ ।

শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাতো বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে । গহপুৰ মহকুমাৰ বিভিন্ন গাঁও পঞ্চায়তৰ লগতে নগৰৰ ৪ নং ৱাৰ্ডত এতিয়া এবুকু পানী । এই বানত বুৰ গৈছে গহপুৰ নগৰৰ ৪ নং ৱাৰ্ডৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ,পথ । কেইবাখনো বিদ্যালয় পানীৰ কবলত ।

উল্লেখযোগ্য যে যোৱা কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃহস্পতিবাৰে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নদী মথাউৰিটো চিগি যায় । ফলত বানপানীয়ে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে গহপুৰ নগৰ বিভিন্ন ৱাৰ্ডত । এই ৱাৰ্ডৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত এবুকু পানী । ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত বহু লোক ক্ষতিগ্ৰস্ত হৈছে ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চত্ৰং নদী মথাউৰিটোৱে জলা কলা খুৱাই আহিছে গহপুৰবাসীক । কিন্তু মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত যিদৰে গহপুৰৰ জলসম্পদ বিভাগে পদক্ষেপ ল'ব লাগিছিল সেইদৰে পদক্ষেপ নোলোৱাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে । ফলত আজি এই মথাউৰিটোৰ এটা অংশ চিগি যোৱাৰ ফলত গহপুৰ নগৰ জলমগ্ন হৈ পৰে ।

ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই গহপুৰৰ জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চত্ৰং নদীৰ মথাউৰিটো বিভিন্ন স্থানত দুৰ্বল হৈ থকাৰ কথা ইতিমধ্যে ৰাইজে জলসম্পদ বিভাগক অৱগত কৰি আহিছে যদিও গুৰুত্ব নাই বিভাগৰ । ইফালে, এই মথাউৰি ছিগাৰ ফলত প্ৰতি বছৰে নগৰখনত বানপানীৰ সৃষ্টি হৈ ৰাইজক পানীত হাঁহ নচৰা অৱস্থা কৰি আহিছে । তাৰ লগতে বহু নগৰখনৰ অধিকাংশ ৱাৰ্ডৰ জনসাধাৰণে বহু সা-সম্পত্তি হেৰুৱাব লগা হৈছে । ৰাইজে উল্লেখ কৰা মতে, শীঘ্ৰে মথাউৰিটোৰ দুৰ্বল অংশ মেৰামতি নকৰিলে গহপুৰত অধিক ভয়ংকৰ ৰূপত বানপানী হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Assam flood news: বানৰ কৱলত ৰাজ্যৰ ১৯ খন জিলা, অপৰিৱৰ্তিত বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details