ৰঙাপৰা, 27 জুলাইঃ বানপানীৰ কবলত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা আৰু মৰিসূঁতি গাঁও । মানশিৰি আৰু কমলাবাগান নদীৰ বাঢ়নী পানীয়ে পাঁচটাকৈ স্থানত মথাউৰি ছিঙি পেলোৱাত জলমগ্ন হয় চাৰিদুৱাৰ অঞ্চলৰ কেইবাখনো গাওঁ । বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে জীয়াভৰলী, মানশিৰি, জৰাসৰ নদীৰ বাঢ়নী পানী ।
চাৰিদুৱাৰত বানৰ তাণ্ডৱ : পাঁচটাকৈ স্থানত ছিগিল মথাউৰি - মানশিৰি
মানশিৰি আৰু কমলাবাগান নদীৰ বাঢ়নি পানীয়ে পাঁচটাকৈ স্থানত মথাউৰি ভাঙি পেলোৱাত জলমগ্ন চাৰিদুৱাৰ অঞ্চলৰ কেইবাখনো গাওঁ ৷ বানৰ কবলত পৰি বানাক্ৰান্তৰ হাহাকাৰ
![চাৰিদুৱাৰত বানৰ তাণ্ডৱ : পাঁচটাকৈ স্থানত ছিগিল মথাউৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3964702-thumbnail-3x2-p.jpg)
বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰ, পাঁচটাকৈ স্থানত ছিগিল মথাউৰি
বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰ, পাঁচটাকৈ স্থানত ছিগিল মথাউৰি
লগতে বাঢ়নী পানীয়ে বুৰাই পেলাই অসম-অৰুণাচল সীমান্তৰ দোৱাঙনী, দক্ষিণ আমলগা, কেকেৰাজুলি, ননকেবাকোলা মাৰিসূঁতি গাঁৱকে আদি কৰি অঞ্চলটোৰ বৃহৎ কৃষিভূমি । মৰিসূঁতি-আমলগা সংযোগী পথৰ ওপৰেদি পানী বাগৰি থকাত যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ।
আৰু পঢ়কঃ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ অনুদান