তেজপুৰ, ৪ অক্টোবৰ :এইবাৰ প্ৰকৃতিৰ ৰোষত ছিকিম । বিগত কিছু মাহ ধৰি পাহাৰীয়া ৰাজ্য হিমাচলত বান আৰু ভূমিস্খলনেৰে প্ৰকৃতিয়ে ধ্বংসলীলা চলাই অহাৰ পিছত এইবাৰ ছিকিমত আকস্মিক বান পৰিস্থিতিৰ উদ্ভৱ হৈছে । উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত লাচেন উপত্যকাৰ তিস্তা নদীত আকস্মিক বানৰ সৃষ্টি হৈছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই কথা জনাইছে । তেওঁ জনোৱা মতে, এই আকস্মিক বানৰ ফলত উপত্যকাটোৰ কাষৰীয়া কিছু সেনা প্ৰতিষ্ঠান প্ৰভাৱিত হৈছে । জানিব পৰা মতে, পানীৰ তলত বুৰ গৈছে সেনাৰ একাধিক বাহন । সন্ধানহীন হৈছে কেইবাজনো সেনা জোৱান । যুদ্ধকালীন প্ৰচেষ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে । অৱশ্যে অধিক বিৱৰণৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে ।
উল্লেখ্য যে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলতে হঠাতে পানীৰ স্তৰ নিম্নাংশত ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পায় । ইয়াৰ ফলত চিংটামৰ ওচৰৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ প্ৰভাৱিত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, প্ৰায় ২৩ জন সেনা জোৱান সন্ধানহীন হৈ আছে আৰু বহু বাহন পানীৰ তলত ডুব যোৱাৰ খবৰ পোৱা গৈছে । সেনা জোৱানকেইজনৰ সন্ধানত অভিযান চলি আছে । ইফালে ছিকিমৰ চুংথাম মূল ভূখণ্ডৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে । ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমৰ লোনাক হ্ৰদ উপচি পৰাৰ ফলত অতিৰিক্ত পানীভাগ তিস্তা নদীলৈ বৈ অহাৰ ফলতে এই বিপত্তিৰ সূত্ৰপাত হয় । আনহাতে, সূত্ৰৰ খবৰ অনুসৰি অঞ্চলটোত ভূমিস্খলনো আৰম্ভ হৈছে ।
আনহাতে, গুৱাহাটীস্থিত প্ৰতিৰক্ষা জনসম্পৰ্ক বিষয়াই (পিআৰঅ') এক্সত ঘটনা সন্দৰ্ভত অৱগত কৰি পোষ্ট কৰিছে, "উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে ডাৱৰ বিস্ফোৰণৰ পিছত লাচেন উপত্যকাৰ তিস্তা নদীত সংঘটিত আকস্মিক বানৰ ফলত ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।"