তেজপুৰ,৭ আগষ্ট:বিগত দুদিন পূৰ্বে শোণিতপুৰ জিলাৰ চুটি পাহাৰত দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ উত্তেজনা কিছু পৰিমাণে শাম কাটিছিল যদিও বৃহস্পতিবাৰে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে দানৱ সকলক বধ কৰিবলৈ নিজৰ শক্তি সঞ্চয় কৰিব লাগিব বুলি যি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিলে তাৰপিছতে অঞ্চলটোত পুনৰ গোষ্ঠীগত সংঘৰ্ষৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ উক্ত আশংকাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুৱাৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে অঞ্চলটোত ফ্লেগ মাৰ্চৰ ব্যৱস্থা কৰে ৷
শুকুৰবাৰে উক্ত ঘটনাস্থলীত উপস্থিত হয় তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰচলাৰ বিধায়ক গণেশ লিম্বুকে ধৰি শোণিতপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ জন প্ৰতিনিধিসকলে অঞ্চলটোৰ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছতে অসমৰ ভূমিত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি বিধায়ক পদ্ম হাজৰিকাই আত্মৰক্ষাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বন্দুকতো লগত লৈ নানিলেও ভৱিষ্যতে ইয়াক লগতে ৰাখিব বুলি মন্তব্য় প্ৰকাশ কৰে ৷