অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ এখন মাছৰ বজাৰৰ শোচনীয় পৰিৱেশ - ৰঙাপৰা

ৰঙাপৰাৰ এখন মাছৰ বজাৰত অস্বাস্থ্যকৰ আৰু দুৰ্গন্ধময় পৰিৱেশ ৷ নলাৰ লেতেৰাৰ পানীৰ ওপৰতে মাছ বিক্ৰী কৰিছে ব্যৱসায়ীসকলে ৷ নাকত সোপা দি বজাৰৰ ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে গ্ৰাহকসকলে ৷

fish market of rangapara
ৰঙাপৰাৰ মাছৰ বজাৰ

By

Published : Jan 10, 2021, 9:55 AM IST

ৰঙাপৰা,10 জানুৱাৰী : শোণিতপুৰৰ ৰঙাপৰাৰ দৈনিক বজাৰত সম্প্ৰতি অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে। বজাৰখনত মাছ ব্যৱসায়ীসকলে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে বিক্ৰী কৰিছে মাছ । বজাৰখনৰ কৰ্দযময়ৰ পৰিৱেশে সচেতন ৰাইজৰ চকু কপালত তুলিছে ।

ৰঙাপৰাৰ মাছৰ বজাৰ

বজাৰখনত প্ৰৱেশ কৰাৰ লগে লগে নাক কোচাই বা নাকত সোপা দি বজাৰৰ ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হয় ৷ বজাৰখনত থকা নলাৰে পানী নিষ্কাশন নোহোৱাৰ ফলত চৌদিশে নলাৰ লেতেৰা পানীৰে ভৰি পৰিছে । লেতেৰা পানী গছকি গ্ৰাহকসকলে মাছ ক্ৰয় কৰিবলগীয়া হৈছে ।

আনহাতে, বজাৰখনৰ ভঙা নলাৰ কৰ্দযময় পৰিৱেশৰ মাজতে ব্যৱসায়ীসকলে মাছ বিক্ৰী কৰিছে । জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে এই মাছৰ বজাৰখনে । অস্বাস্থ্যকৰ আৰু দুৰ্গন্ধময় পৰিৱেশৰ বাবে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে গ্ৰাহক আৰু অন্যান্য ব্যৱসায়ীসকলে ।

এই ক্ষেত্ৰত ৰঙাপৰা পৌৰসভাই আবৰ্জনাবোৰ পৰিস্কাৰ নকৰাৰ ফলত ব্যৱসায়ীসকল বিপাঙত পৰাৰ অভিযোগ উত্থাপন হৈছে । মাছ বিক্ৰেতাৰ অভিযোগ অনুসৰি, প্ৰতিদিনে মাছৰ বজাৰখনৰ পৰা মহলদাৰে ৰাজহ সংগ্ৰহ কৰি অহাৰ পাচতো মাছৰ ব্যৱসায়ীসকলক বহিবলৈ উপযুক্ত ঠাই নিদিয়াৰ ফলত এতিয়া উপায়হীন হৈ ব্যৱসায়ীসকলে নলাৰে বাগৰি অহাৰ পানীৰ ওপৰতে মাছ বিক্ৰী কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক :মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details