তেজপুৰ, 9 জুলাই :বানে ৰাজ্যখনক জুৰুলা কৰাৰ পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি প্ৰাদুৰ্ভাব ঘটিছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis is caused panic in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফ্লাইটিছ ৰোগে ব্যাপক ৰূপ লৈছে ৷ কেইবাখনো জিলাত এই ৰোগ ধৰা পৰাৰ লগতে বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত ৷
জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ শোণিতপুৰ জিলাত শনিবাৰে প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হয় (First case of Japanese encephalitis in Tezpur has died) ৷ যোৱা ৭ জুলাইত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ মুন্নী দেৱী (45) নামৰ মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ভৰ্তি কৰোৱাৰ দুদিনৰ পিছতেই আজি পুৱা মহিলাগৰাকী মৃত্যুৰ মুখত পৰে ৷
ইফালে শোণিতপুৰৰ কাষৰীয়া ওৰাং অঞ্চলত জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ এটি 5 বছৰীয়া শিশুৰ মৃত্যু হয় ৷ আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়খনত শুকুৰবাৰে দুটি শিশুৰ দেহত জাপানীজ এনকেফ্লাইটিছৰ অৱস্থিতি ধৰা পৰিছে ৷