ৰঙাপৰা,8 মাৰ্চ: শোণিতপুৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন ৷ জিলাখনৰ 18 মাইলত ৰাজপথতে হঠাৎ জ্বলি উঠে যাত্ৰীবাহী এখন আল্ট্ৰা বাছ ৷ জানিব পৰা মতে, 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাতে AS 07 C 7721 নম্বৰৰ আল্ট্ৰা বাছখন চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত 18 মাইলত হঠাৎ জ্বলি উঠে ৷
শোণিতপুৰৰ ৰাজপথত জ্বলিল যাত্ৰীবাহী বাছ
শোণিতপুৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন ৷ জিলাখনৰ 18 মাইলত ৰাজপথতে হঠাৎ জ্বলি উঠে যাত্ৰীবাহী এখন আল্ট্ৰা বাছ ৷ জানিব পৰা মতে, 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাতে AS 07 C 7721 নম্বৰৰ আল্ট্ৰা বাছখন চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত 18 মাইলত হঠাৎ জ্বলি উঠে ৷
শোণিতপুৰৰ ৰাজপথত জ্বলিল যাত্ৰীবাহী বাছঃকথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ
সৌভাগ্যক্ৰমে কথমপি প্ৰাণৰক্ষা পৰে বাছত থকা যাত্ৰীসকলৰ ৷ বাছৰ বেটাৰীৰ শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই বাছখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ আনহাতে, স্থানীয় ৰাইজৰ তৎপৰতাত বাছখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷