অসম

assam

ETV Bharat / state

Amit Shah in Manipur : মণিপুৰত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য - Total death in Manipur violence

সোমবাৰে নিশা মণিপুৰত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah Manipur tour)। ইম্ফলত দলীয় নেতা আৰু শীৰ্ষ পদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক গৃহ মন্ত্ৰীৰ । কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৈঠকত ।

Amit Shah in Manipur
মণিপুৰত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য

By

Published : May 30, 2023, 11:53 AM IST

মণিপুৰত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য

তেজপুৰ, ৩০ মে' :মণিপুৰৰ নতুন নতুন স্থানত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ (Manipur violence)। ইয়াৰ মাজতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ ঘোষণা । চলিত হিংসাত নিহত লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে । ইয়াৰে ৫ লাখ ৰাজ্য চৰকাৰ আৰু ৫ লাখ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ পৰা দিয়া হ'ব । লগতে নিহতৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়াৰো সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে সোমবাৰে নিশা হিংসাজৰ্জৰ ৰাজ্যখনত উপস্থিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ । নিশা মণিপুৰৰ ইম্ফলত উপস্থিত হৈয়ে তেওঁ এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং ,নিৰাপত্তা উপদেষ্টা কুলদ্বীপ সিং, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু কেবিনেটৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈ ৪ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে (Amit Shah meeting in Manipur)।

এই বৈঠকত গৃহ ৰাজ্যিক মন্ত্ৰী, সাংসদ সম্বিত পাত্ৰাও উপস্থিত থাকে । হিংসাজৰ্জৰ মণিপুৰত যোৱা ৩ মে' ত মণিপুৰ হিলছত জনজাতীয় ছাত্র সন্থাৰ উদ্যোগত আৰম্ভ হোৱা সমদলৰ পাছতে হিংসাত্মক ঘটনাৰ আৰম্ভ হৈছিল । যাৰ ফলত ৰাজ্যখনৰ প্ৰায় ৩৫,০০০ হাজাৰ লোক গৃহ হীন হৈছে আৰু ৭৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩৫ গৰাকীৰো অধিক লোক গুৰুতৰভাবে আহত হৈছে (Total death in Manipur violence)।

হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ ২৬ দিনৰ অন্তত মণিপুৰত উপস্থিত হোৱা গৃহ মন্ত্ৰী অমিত শ্বাহে বৈঠকত ৪ টা প্ৰধান সিদ্ধান্ত গ্ৰহণ কৰে বুলি মণিপুৰৰ কেবিনেট মন্ত্ৰী বসন্ত সিঙে সংবাদ মাধ্যমক অৱগত কৰে । এই সিদ্ধান্তৰ প্ৰথমটো হৈছে ৰাজ্যখনত শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ যিকোনো ধৰণৰ সন্ত্ৰাসবাদক প্ৰতিৰোধ কৰা, দ্বিতীয়তে আইন শৃংখলা পৰিস্থিতি উন্নত কৰা, তৃতীয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখা, চতুৰ্থতে হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা ।

ইফালে চাৰিদিনীয়া ভ্ৰমণসূচীত গৃহ মন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষৰ সৈতে বৈঠকত মিলিত হ'ব । ইতিমধ্যে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীৰ সৈতেও সোমবাৰে এক বৈঠকত মিলিত হ'য় গৃহ মন্ত্ৰীগৰাকী আৰু তাৰ পাছত বিভিন্ন দল-সংগঠন আৰু সাধাৰণ নাগৰিকৰ সৈতেও সুকীয়া বৈঠকত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Manipur Violence update: প্ৰতিশ্ৰুতি মতেইল হিংসাজৰ্জৰ মণিপুৰত পদাৰ্পণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details