অসম

assam

ETV Bharat / state

Filaria Treatment Campaign:শোণিতপুৰত ফাইলেৰিয়া ৰোগত আক্ৰান্ত ৪৯ - শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক

তিনিচুকীয়া,শোণিতপুৰ আৰু বিশ্বনাথত আছে ফাইলেৰিয়া ৰোগত আক্ৰান্ত । শোণিতপুৰ ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰ লৈ এই ৰোগ নিৰাময়ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ ।

Filaria disease in Assam
শোণিতপুৰত ফাইলেৰিয়া ৰোগ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:45 PM IST

তেজপুৰ, ৩০ আগষ্ট :শোণিতপুৰ জিলাত ভয়াৱহভাৱে বৃদ্ধি পাইছে ফাইলেৰিয়া ৰোগ । সেইবাবে সষ্টম হৈছে শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগ । তথ্য় অনুসৰি অসমৰ তিনিখন জিলাত এই ৰোগে দেখা দিছে । এই জিলা কেইখন হৈছে তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ । শোণিতপুৰ জিলাত ৪৯ গৰাকী লোক ফাইলেৰিয়া ৰোগত আক্ৰান্ত বুলি তথ্য় প্ৰকাশ পাইছে ।

শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক জীয়াউদ্দীন আহমেদে সদৰী কৰা তথ্য অনুসৰি জিলাখনৰ ৰঙাপৰা সমষ্টিৰ নাহৰণি চাহ বাগিচা আৰু হাতীবালি চাহ বাগিচাৰ অন্তৰ্গত মুঠ ৪৯ টা অঞ্চলত এনে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে । ফাইলেৰিয়া নিৰাময় অভিযানৰ জৰিয়তে জিলা স্বাস্থ্য সেৱাৰ তৰফৰ পৰা বৃস্পতিবাৰ অৰ্থাৎ ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰ লৈ এই ৰোগ নিৰাময়ৰ বাবে ৫ টা ব্লকতৰ ১৫ টা বুথত প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক জীয়াউদ্দীন আহমেদে সদৰী কৰা তথ্য মতে, ১,৩৩,২৫৮ গৰাকী লোকৰ ভিতৰত ১,১৪,৮০৪ গৰাকীক এই প্ৰতিষেধক প্ৰদান কৰিব । ইয়াৰ ভিতৰত বয়সস্থ লোক, ২ বছৰৰ তলৰ শিশু, গৰ্ভৱতী মহিলাৰ লগতে পেটৰ অসুখত ভুগি থকা লোকক এই প্ৰতিষেধক প্ৰদান নকৰে ।

উল্লেখ্য় যে এই ৰোগ মহৰ পৰা বিয়পে আৰু তেজৰ মিহলি হৈ পেলুৰ সৃষ্টি কৰে । প্ৰথম অৱস্থাত জ্বৰ হৈ মহে কামোৰা অংশত দীঘলীয়া ৰঙা দাগৰ সৃষ্টি কৰে আৰু সেই অংশত ফুলি উঠে । ইয়াৰ পিছত ৰোগীজনৰ ভৰি ফুলিবলৈ ধৰে । সাধাৰণতে মহে কামোৰাৰ ফলত এজন লোকৰ পৰা আনজন লোকলৈ বিয়পে এই ৰোগ । জিলা স্বাস্থ্য বিভাগে তিনিদিন ৰঙাপৰা ব্লকৰ অধীনত ১৫ টা বুথত এই প্ৰতিষেধক প্ৰদানন কৰিব । দ্বিতীয় পৰ্যায়ত ঘৰে ঘৰে গৈ আশা কৰ্মী আৰু অংগনাৱাড়ী কৰ্মী সকলে প্ৰদান কৰিব । প্ৰথম অৱস্থাত ৰঙাপৰা সমষ্টিত এই প্ৰতিষেধকৰ শুভ উদ্বোধন কৰিব ।

লগতে পঢ়ক:Delimitation of district : বৰপেটা জিলাৰ দাবীত একক প্ৰতিবাদত বহিল কলাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ

ABOUT THE AUTHOR

...view details