তেজপুৰ ,২৩ নৱেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাপথাৰ গাঁৱত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART) ৰ উদ্যোগত আৰু চিএছএছ-কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (এ টি এম) শোণিতপুৰৰ সহযোগত আজি ধানৰ বিভিন্ন জাতৰ সমাহাৰৰ পথাৰ দিৱস(Field day) পালন কৰা হয় । কৃষক আলবাৰ্ট বৰদাৰ ২ বিঘা মাটিত পৰীক্ষামূলকভাৱে কৰা এই খেতি কৃষকসকলৰ মাজত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়(Field Day and Paddy Evaluation of Sonitpur District Agriculture Department) ।
পৰীক্ষামূলকভাৱে কৰা দহ প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ ধান হৈছে ক্ৰমে কোমল ধান, বাহাদুৰ উপ-1, কুনকুনি জহা, আইজুং বিন্ধন 11, ৰঞ্জিত উপ-1, শোগ জহা, বকুল বৰা, চাভা 127, হোৱাইট আইজং ধান । সহকাৰী খণ্ড প্ৰযুক্তি প্ৰৱন্ধক (এ.টি.এম.) হিৰঞ্জিত পেগুৱে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰি IRRI শোণিতপুৰৰ ৰিচাৰ্চ টেকনিচিয়ান পংকজ বৰুৱাই 'ৰাইচ ভেৰাইটিকেল কেফেটেৰিয়া'য়ে নতুন প্ৰকাৰৰ বৈজ্ঞানিক মূল্যাঙ্কন আৰু বাছনি প্ৰক্ৰিয়াত সহায় কৰে বুলি মন্তব্য কৰে । লগতে এই ধাৰণাটোৰ জৰিয়তে কৃষক আৰু অংশীদাৰসকলে তেওঁলোকৰ ভূমিত বিকাশৰ বাবে উপযুক্ত হিচাপে চিনাক্ত কৰা সৰ্বশ্ৰেষ্ঠ প্ৰকাৰৰ ধানৰ তুলনা আৰু বাছনি কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ।