তেজপুৰ, 9 ছেপ্টেম্বৰ : তেজপুৰত উৎকোচ লৈ CID ৰ জালত পৰিল ভাৰতীয় খাদ্য নিগমৰ বিষয়া ৷ ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ মাণ্ডলিক গাণনিক বিষয়াগৰাকীক গ্ৰেপ্তাৰ । CID য়ে হাতে-লোটে ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলীক গাণনিক বিষয়া গৰাকীক ।
তেজপুৰস্থিত মাণ্ডলিক কাৰ্যালয়টোত এগৰাকী ঠিকাদাৰৰ বিল পাছ কৰি দিয়াৰ বাবদ 1 লাখ 30 হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ গাণনিক বিষয়া আব্দুল লতিফ ৷ দীৰ্ঘদিন ধৰি ভাৰতীয় খাদ্য নিগমত কৰ্মৰত বিষয়াজনে জালিয়াতিৰে বিভিন্ন ক্ষেত্ৰৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ লৈ কাম কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
ইয়াৰোপৰিও ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়টোত বিভিন্ন ধৰণৰ লুণ্ঠন সংঘটিত হৈ অহাৰ কথা সমান্তৰালভাৱে পোহৰলৈ আহিছে ৷ ভাৰতীয় খাদ্য নিগমৰ অধীনত অহা বিভিন্ন খাদ্যৰ গুদাম বিন্দুকুৰী ডেকাৰ গাঁওত লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈ আহিছিল । ডেকাৰগাঁওস্থিত খাদ্য নিগমৰ ৰেগত এটা চক্ৰৰ সৈতে গোপন বুজাবুজিৰে বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।