তেজপুৰ, ২৫ ফেব্ৰুৱাৰী :মানুহ মাত্ৰেই চখো ভিন্ন ভিন্ন ৷ প্ৰতিগৰাকী লোকেই নিজৰ চখসমূহ পূৰণ হোৱাটো বিচাৰে ৷ কিন্তু কিছুমান চখ মানুহৰ বাবে হিতে বিপৰীত হোৱাৰ দৰেহে হয় ৷ এইবাৰ তেজপুৰত নিজৰ চখ পূৰাবলৈ গৈ আৰক্ষীৰ জালত পৰিল ইউটিউবাৰ হিমাংশু কলিতা (Fake police arrested in Tezpur) ৷ কেৱল নিজা সন্তুষ্টিয়েই নহয় অন্য এজন লোকক চাকৰি দিবলৈ গৈ ৰঙাঘৰলৈ যোৱাৰ যো জা চলাইছে হিমাংশুৱে ৷
ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰ ২নং কলিতা গাঁৱৰ হিমাংশু কলিতা নামৰ যুৱকজনে সৰুৰে পৰাই এগৰাকী আৰক্ষী বিষয়াৰ হোৱাৰ সপোন দেখিছিল (Fake police officer arrested) ৷ কিন্তু নৱম শ্ৰেণীতে শিক্ষা সমাপ্ত কৰি মনৰ আশাবোৰ মনতেই সাঁচি ৰাখিছিল হিমাংশুৱে ৷ লাহে লাহে ডাঙৰ হৈ এজন ইউটিউবকে নিজৰ পেছা হিচাপে বাচি লৈছিল হিমাংশুৱে ৷ তেতিয়ালৈকে সকলোখিনি ঠিকেই আছিল ৷
কিন্তু হঠাৎ হিমাংশুৰ মনত পুনৰ দোলা দিলে সৰুকালৰ সপোনটোৱে (Youtuber Himanshu Kalita arrested) ৷ অৰ্থাৎ নিজকে আৰক্ষী বিষয়া হিচাপে চোৱাৰ সপোন এতিয়াও পাহৰা নাছিল হিমাংশুৱে ৷ সেইবাবে মনতে এটা পৰিকল্পনা কৰিলে হিমাংশুৱে ৷ অনলাইনযোগে অৰ্ডাৰ দিলে এজোৰ আৰক্ষীৰ পোছাক ৷ অৰ্ডাৰ ৰিচিভ কৰিয়েই আৰক্ষীৰ পোছাকজোৰ পিন্ধি মুহুৰ্তৰ ভিতৰতে হিমাংশু হৈ পৰিল এজন আৰক্ষী বিষয়া ৷ আৰক্ষী বিষয়া হৈছে যেতিয়া এজন দেহৰক্ষী ৰক্ষাটো অত্যন্ত জৰুৰী ৷