তেজপুৰ, 7 আগষ্ট:প্ৰত্যেক মানুহৰ নিজস্ব চখ আৰু হেঁপাহ ভিন্ন ভিন্ন ৷ কিন্তু এইবাৰ নিজা চখ পুৰাবলৈ গৈ শলঠেকত পৰিল ধেমাজিৰ এজন যুৱক ৷ আৰক্ষীৰ পোছাক পৰিধান কৰি নিজকে আৰক্ষী সজাই বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰাৰ লগতে ধন দাবী কৰি শলঠেকত পৰিল পংকজ হাজৰিকা নামৰ যুৱকজন (Fake police arrested in Tezpur) ৷
তেজপুৰ পৰুৱা চাৰিআলিত ধৰা পৰিল ভুৱা আৰক্ষী বিষয়া (Fake police arrested) । শনিবাৰে বলীউডৰ চিনেমাৰ দৰে আৰক্ষীৰ পোছাক পিন্ধি গুৱাহাটীৰ পৰা তেজপুৰৰ পৰুৱা চাৰিআলিত উপস্থিত হৈছিল ধেমাজিৰ পংকজ (Fake police Pankaj Hazarika arrested) ৷ বাছৰ পৰা নামি ট্ৰেফিক আৰক্ষীক যান বাহনৰ চেকিঙত সহযোগিতা কৰি লগতে আৰম্ভ কৰিলে জৰিমনা আৰু কৰ্তব্য পালনৰ অভিনয় ৷
কিন্তু পংকজৰ কাৰ্যত সন্দেহ হ’ল তেজপুৰ যান বাহন আৰক্ষী বিষয়াৰ ৷ লগে লগে তেজপুৰ যান বাহনৰ আৰক্ষী বিষয়া আৰু তেজপুৰ মহাভৈৰৱ আৰক্ষী নিবেশৰ কৰ্তব্যৰত বিষয়া গৰাকীক ফোন যোগে কোনো আৰক্ষী পঠিয়াইছে নেকি বুলি সোধাত ওলাই পৰে জোলোঙাৰ মেকুৰী ৷ তেওঁ জানিবলৈ দিয়ে যে কোনো আৰক্ষী বিষয়া তেওঁ পঠিওৱা নাই ৷