অসম

assam

ETV Bharat / state

চাৰিদুৱাৰত গ্ৰেপ্তাৰ ভুৱা এমবিবিএছ: ছীল ফাৰ্মাচী - Sonitpur news

শোণিতপুৰৰ চেঙেলীমৰাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । মুন্নাভাই ৰূপী এজন ভূৱা চিকিৎসকে অবৈধভাৱে চলাই গৈছে এখন চিকিৎসালয় । জীতেন্দ্ৰ বসুমতাৰী নামৰ লোকজনে দীৰ্ঘদিন ধৰি এখন ফাৰ্মাচীৰ পিছফালে এটা কোঠাত দহখন বিচনাৰে চলাই আহিছিল ভুৱা চিকিৎসালয়খন ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই ভূৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ছীল কৰিছে চিকিৎসালয়-ফাৰ্মাচীখন ৷

fake-doctor-arrested-in-sonitpur
চাৰিদুৱাৰত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক: ছীল ভুৱা চিকিৎসালয়-ফাৰ্মাচী

By

Published : Jun 12, 2021, 12:56 PM IST

তেজপুৰ/ৰঙাপৰা, 12 জুন : সৰ্বসাধাৰণৰ অজ্ঞতা আৰু প্ৰশাসনৰ নিস্পৃহতাৰ সুযোগ লৈ শোণিতপুৰৰ এক ভিতৰুৱা অঞ্চলত বিগত প্ৰায় ডেৰবছৰে এজন ভূৱা চিকিৎসকে আঠখন বিচনাযুক্ত এখন চিকিৎসালয় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ শুকুৰবাৰে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া আৰু চাৰিদুৱাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত চিকিৎসালয়খন উৎখাত কৰাৰ লগতে অভিযুক্ত জীতেন্দ্ৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ চেঙেলীমৰাৰ শাবাৰীৰ নিজা বাসগৃহতে বসুমতাৰীয়ে চিকিৎসালয়খনৰ লগতে এখন বৃহৎ ফাৰ্মাচী চলাই আহিছিল ৷ চাৰিদুৱাৰ আৰু ভালুকপুঙৰ মাজৰ অঞ্চলটোত এনেদৰে চিকিৎসা সেৱা আগবঢ়াই থকা বসুমতাৰীক কৰায়ত্ত কৰাৰ পাছত চিকিৎসা সেৱাৰ প্ৰশিক্ষণ লোৱা তথা ফাৰ্মাচিষ্ট উত্তীৰ্ণ বুলি দাবী কৰে ৷ কিন্তু ইয়াৰ কোনো উপযুক্ত প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে আটকাধীন ব্যক্তিজনে ।

চাৰিদুৱাৰত গ্ৰেপ্তাৰ ভুৱা এমবিবিএছ

আৰক্ষীৰ অভিযানত লোকজনৰ পৰা মিছামাৰীৰ ৰিকামাৰীৰ ৰুৰেল হেলথ ছ’চাইটি নামৰ এক দাতব্য অনুষ্ঠান বুলি দাবী কৰা বেচৰকাৰী সংস্থাৰ সদস্য তথা গ্ৰাম্য স্বাস্থ্যকৰ্মী বুলি ২০০৮ ত দিয়া এখন প্ৰমাণ উদ্ধাৰ কৰা হয় ৷ এইখন প্ৰমাণ পত্ৰ লৈয়ে হাস্পতাল আৰু চৰকাৰী অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী চলাই যোৱা ভূৱা চিকিৎসকজনক কৰায়ত্ত কৰাৰ লগতে চিকিৎসালয় আৰু ফাৰ্মাচীখন ছীল কৰা হৈছে ৷

লগতে পঢ়ক: হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details