ৰঙাপৰা,24 নৱেম্বৰঃৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰলোকপ্ৰাপ্তি ঘটাৰ সংবাদে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰাৰ সময়তে ৰঙাপৰাত সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই অনাকাংক্ষিত ঘটনাটোৱে ৰঙাপৰাৰ বৰজুলিবাসী ৰাইজক আবেগিক কৰি তোলে। একাংশ উত্তেজিত পুৰুষ-মহিলাই বৰজুলি হাটখোলাত ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথৰ ওপৰত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে।
ইফালে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাত আৰক্ষীৰ দলটোক ক্ষুব্ধ ৰাইজে আগুচি ধৰাত উত্তেজিত জনতাক ছত্ৰ ভংগ দিয়াবলৈ আৰক্ষীয়ে অধিক লাঠি চালনা কৰিবলগা হয় । পাছত সমবেত ৰাইজক ছত্ৰভংগ তথা আত্মৰক্ষাৰ কৰাৰ উদ্দেশ্যেৰে আৰক্ষীয়ে শূণ্যলৈ কেবাজাই গুলি ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগা হয় ।