অসম

assam

ETV Bharat / state

Arunachal mountaineers missing: অৰুণাচলৰ নিৰুদ্দিষ্ট পৰ্বতাৰোহীৰ উদ্ধাৰ অভিযান বন্ধ; সেনাৰ হেলিকপ্তাৰৰ আশাত উদ্ধাৰকাৰী দল - পৰ্বতাৰোহী

এটা বছৰে সন্ধানহীন হৈ থকা অৰুণাচলৰ দুই পৰ্বতাৰোহীৰ সন্ধানত পুনৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান স্তিমিত হৈ পৰিছে ৷ 2022 চনত সন্ধানহীন হৈছিল অৰুণাচলৰ দুই পৰ্বতাৰোহী তাপী মাৰ আৰু নিকী ডাও ৷

Arunachal mountaineers missing
Arunachal mountaineers missing

By

Published : Aug 18, 2023, 8:52 PM IST

তেজপুৰ, 18 আগষ্ট:অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী তাপী মাৰ আৰু নিকী ডাওৰ সন্ধানত অভিযান আৰম্ভ কৰা 34 জনীয়া উদ্ধাৰকাৰী দলৰ আজি 14 দিন । উদ্ধাৰকাৰী দলৰ কিছু লোক অসুস্থ হোৱাৰ বাবে আজিৰে পৰা উদ্ধাৰ অভিযান বন্ধ ৰাখিবলগীয়া হৈছে বুলি তাপী মাৰৰ ভগ্নী য়াটোক মাৰ নিলোয়ে সদৰী কৰিছে ৷

উদ্ধাৰ অভিযান:

বিগত 5 আগষ্টৰ পৰা আৰম্ভ হৈছিল অভিযান ৷ ৮ আগষ্টত অৰুণাচলৰ পূব কামেং জিলাৰ শেষৰখন গাঁৱত উপস্থিত হৈছিল উদ্ধাৰকাৰী দলটো ৷ পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলটোৱে চৰকাৰৰ সহায়ত ভাৰতীয় সেনা বাহিনীৰ চিতা হেলিকপ্তাৰৰ সহায় বিচাৰিছিল । কিন্তু বিগত চাৰিদিন ধৰি তেজপুৰ মিচামাৰী ঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ চেপাত উপস্থিত হ’ব পৰাকৈ হেলিকপ্তাৰ পঠাব পৰা নাই ভাৰতীয় সেনাই ৷

সেনাৰ হেলিকপ্টাৰ বিচাৰি প্ৰেৰণ কৰা পত্ৰ

প্ৰতিকূল বতৰ:

প্ৰতিকূল পৰিস্থিতি আৰু বতৰৰ বাবে তেজপুৰৰ পৰা পূব কামেং জিলাৰ সদৰ চেপা (Seppa) ত উপস্থিত হ’বলৈ হেলিকপ্টাৰ প্ৰেৰণ কৰিব পৰা হোৱা নাই ৷ জিৰ’পইণ্টৰ পৰা ঘন ডাঠ কুঁৱলীৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ কৰিব পৰা নাই ৷ 14 আগষ্টত বেছ কেম্পত উপস্থিত হোৱাৰ পিছত দলটোৱে অভিযান আৰম্ভ কৰিছে যদিও প্ৰয়োজনীয় ৰেচন আৰু ঔষধ নোপোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ।

কেনেদৰে চলিছে অভিযান:

দুই পৰ্বতাৰোহীৰ সন্ধান লাভ কৰিব বুলি আজিও আশাবাদী পৰিয়ালৰ লোক ৷ উল্লেখ্য যে উক্ত অঞ্চলত পুৱা 3 বজাৰ পৰা 8 বজালৈ অভিযান চলাব লাগে ৷ কিয়নো পাহাৰটো সম্পূৰ্ণ বৰফাবৃত্ত হোৱাৰ বাবে সূৰ্যৰ পোহৰ পৰাৰ পিছৰে পৰা অভিযান চলোৱাত অসুবিধা হয় ৷ যাৰ বাবে দিনটো বেছ কেম্পত থাকিব লগা হয় উদ্ধাৰকাৰী দল ৷

2022 চনত সেনা-স্থানীয় লোকে চলাইছিল উদ্ধাৰ অভিযান

তাপী মাৰৰ ভগ্নী য়াটোক মাৰ নিলোয়ে কোৱা অনুসৰি বৰফ পৰা আৰম্ভ হ’লে সেই স্থানত মানুহে চলাচল কৰিব নোৱাৰিব । তেওঁ ভাৰতীয় সেনাৰ দলক এইক্ষেত্ৰত সহায় কৰাৰ বাবে আহ্বান জনাইছে । বৰ্তমানলৈকে প্ৰায় ১ কোটিৰ টকা খৰছ কৰা হৈছে এই উদ্ধাৰ অভিযানৰ বাবে ।

কেনেকৈ সন্ধানহীন হ’ল দুই পৰ্বতাৰোহী:

2022 চনৰ আগষ্ট মাহত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপা (Seppa) ৰ পৰা মাউণ্ট খ্যাৰী সাটাম (Khayarii Satam) পৰ্বত আৰোহণ কৰিবলৈ গৈছিল দুই পৰ্বতাৰোহী ৷ কিন্তু পাছৰে পৰা সন্ধানহীন হৈ পৰে তাপী মাৰ আৰু নিকী ডাও ৷ উল্লেখ্য যে তাপী মাৰ এগৰাকী মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰা সাহসী পৰ্বতাৰোহি । ভাৰতবৰ্ষৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ, অষ্ট্ৰেলিয়া, নেপাল আদিত উচ্চ পৰ্বত আৰোহণ কৰাৰো অভিজ্ঞতা আছে তাপী মাৰৰ ৷ কিন্তু বন্ধু সৈতে দুৰ্ভাগ্যজনকভাৱে তেওঁ সন্ধানহীন হৈ পৰে ৷

দুই পৰ্বতাৰোহীয়ে উদ্ধাৰ কৰা সামগ্ৰী

2022 চনতো চলিছিল উদ্ধাৰ অভিযান:

বিগত বৰ্ষত সেনা আৰু স্থানীয় লোকৰ সহযোগিতাত দুয়োকে বিচাৰি অভিযান চলোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অক্টোবৰ মাহত অভিযান বন্ধ কৰা হয় ৷ ইয়াৰ পিছত দুই পৰ্বতাৰোহীৰ পৰিয়ালৰ তৎপৰতাত গঠন হোৱা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে তেওঁলোকে ব্যৱহাৰৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰে ৷ সেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযান বন্ধ কৰাৰ পিছত পৰিয়ালৰ লোকে নিজাববীয়াকৈ এই অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে 34 জনীয়া উদ্ধাৰকাৰী দলটোৰ সৈতে চেটেলাইট ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছে তাপী মাৰৰ ভগ্নী য়াটোক মাৰ নিলোয়ে ৷

লগতে পঢ়ক:Arunachal mountaineers missing: অৰুণাচলৰ সন্ধানহীন দুই পৰ্বতাৰোহীক বিচাৰি কিদৰে চলিছে অভিযান ?

ABOUT THE AUTHOR

...view details