অসম

assam

ETV Bharat / state

ক্ৰমাৎ বিলুপ্তিৰ পথত অসমীয়া জাতিৰ স্বাভিমান - ETV BHARAT

অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ জাপিৰ নিৰ্মাণকাৰ্য ক্ৰমাৎ হ্ৰাস পাইছে শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিলগত অৱস্থিত জাপি সজিয়া গাঁৱত । পূৰ্বপুৰুষৰ পৰা চলি অহা এই প্ৰথা নাইকিয়া হৈ অহাত লঘু উদ্যোগটি প্ৰায় মৃতপ্ৰায় হৈ পৰিছে ।

ASSAMESE JAAPI

By

Published : Apr 20, 2019, 6:26 PM IST

তেজপুৰ, ২০ এপ্ৰিল: শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ নিলগত অৱস্থিত জাপি সজিয়া গাঁৱত ক্ৰমাৎ হ্ৰাস পাইছে জাপিৰ নিৰ্মাণ । অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ এই জাপি অসমীয়া জন - জীৱনত সদা প্ৰয়োজনীয় । বিভিন্ন অনুষ্ঠানত ব্যক্তিক সন্মান প্ৰদৰ্শনৰ পৰা আদি কৰি খেতি - বাতিৰ সময়তো কৃষকৰ অতি প্ৰয়োজনীয় আহিলা হৈছে জাপি । কিন্তু কালক্ৰমত জাপিৰ কাৰখানাস্বৰূপ জাপি সজিয়া গাঁৱতো হ্ৰাস পাইছে ইয়াৰ নিৰ্মাণকাৰ্য । এটা সময়ত বৃত্তি হিচাপে গ্ৰহণ কৰা এই নিৰ্মাণ কাৰ্যক ক্ৰমান্নয়ে ত্যাগ কৰিছে গাঁৱৰ লোকসকলে । এতিয়া গাঁওখনত প্ৰায় 5 জন লোকেহে পূৰ্বপুৰুষৰ এই প্ৰথা ধৰি ৰখাৰ চেষ্টা চলাই আহিছে ।

EXTINCTION OF ASSAMESE HANDICRAFT INDUSTRY

উল্লেখযোগ্য যে, বনাঞ্চল ধ্বংসৰ ফলত বৰ্তমান এই লোকসকলে কেঁচা সামগ্ৰীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে । এই লঘু উদ্যোগটি জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা হাতত নোলোৱাত এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ীসকল ।

EXTINCTION OF ASSAMESE HANDICRAFT INDUSTRY

ABOUT THE AUTHOR

...view details