তেজপুৰ, 31অক্টোবৰ:লোকসভা নিৰ্বাচন সমাগত । শাসক বিৰোধী সকলো ব্যস্ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ অংকক লৈ । আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত দেশৰ বহুকেইটা দল লগ হৈ গঠন কৰিছে মিত্ৰজোঁট I.N.D.I.A. । ইফালে বিজেপি নেতৃত্বাধীন NDA সাজু হৈছে পুনৰ এটা কাৰ্যকাল গাদী দখলৰ বাবে ৰাইজক আকৰ্ষিত কৰিবলৈ ৷ অসমতো দেখা গৈছে একেই পৰিৱেশ ৷
9 নং তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শোণিতপুৰৰ জিলাত চাহ বাগিচাৰ সংখ্যা যথেষ্ট বেছি । উত্তৰ অসমৰ চাহ বাগিচাৰ ভোটাৰে সকলো নিৰ্বাচনতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায় । বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ তেজপুৰ লোকসভাৰ বিজেপিৰ সাংসদ পল্লব লোচন দাসে 2,42,841 টা ভোটাৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰিছিল ৷ এইবাৰ পিচে কাক নিৰ্বাচিত কৰিব এইসকল শ্ৰমিক ভোটাৰে ?
শোণিতপুৰৰ প্ৰায় 50 খন প্ৰধান চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাৰ শ্ৰমিকেই দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ ইয়াৰোপৰি চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ হৈছে তেওঁলোকৰ মূল দাবী ৷ এই দাবীক লৈ চাহ জনগোষ্ঠীয় সংগঠন সমূহে আজিও প্ৰতিবাদ কৰি আহিছে ৷