অসম

assam

ETV Bharat / state

Exclusive interview: অপৰাধ প্ৰৱণতা সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ৰাজ্যত শেহতীয়াকৈ অপৰাধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কল্পনাতীত কেতবোৰ অপৰাধ সংঘটিত হ’বলৈ লৈছে ৰাজ্যখনত ৷ কিন্তু কিয় মানুহৰ মনত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ? ইয়াৰ কাৰণ সমূহ কি কি ? অপৰাধীক শাস্তি প্ৰদানেই অপৰাধ নিৰ্মূলৰ একমাত্ৰ উপায় নেকি ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন (Exclusive interview with Psychiatrist)

By

Published : Mar 3, 2023, 6:28 PM IST

Updated : Mar 3, 2023, 7:24 PM IST

Causes of criminal activities
Exclusive interview with Psychiatrist

অপৰাধ প্ৰৱণতা সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেজপুৰ, 3 ফেব্ৰুৱাৰী: প্ৰতিজন অপৰাধীৰ বাবে এটা সুকীয়া মানসিক পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । অপৰাধীক আইনমতে শাস্তি প্ৰদান কৰাৰ পিচতো সেইগৰাকী লোকৰ ওপৰত মানসিক পৰ্যালোচনা কৰাৰ বিশেষ প্ৰয়োজন থাকে ৷ কাৰণ অপৰাধীজনে কিহৰ বাবে বা কি পৰিস্থিতিত পৰি এটা জঘন্য অপৰাধ সংঘটিত কৰিব পাৰে সেয়া জনাতো প্ৰয়োজন । এই মন্তব্য মানসিক ৰোগৰ চিকিৎসক তথা তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ হেমন্ত দত্তৰ (Exclusive interview with Psychiatrist)।

সমাজত হিংসা আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰধান কাৰণ হৈছে মানসিক চাপ আৰু নিচাযুক্ত দ্ৰব্য সেৱন । ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ চিকিৎসক তথা অধীক্ষক ডাঃ জ্যোতি হাজৰিকা আৰু ডাঃ হেমন্ত দত্তই কয় যে, সমাজত সংঘটিত হোৱা বিভিন্ন অপৰাধ সমূহৰ প্ৰধান কাৰণ হৈছে বৰ্তমান সময়ত সম্প্ৰচাৰ হোৱা কিছুমান ছবিয়ে সামাজিক জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে ৷ ফলস্বৰূপে সেই দৃশ্য দেখি সাধাৰণ জীৱনত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে (Causes of criminal activities) ।

লগতে পঢ়ক:Guwahati double murder case: আইনৰ সুৰুঙাৰে সাৰি যাব নেকি কংলকিনী বন্দনা; কি কয় অধিবক্তাই ?

ইণ্টাৰনেট আৰু ম'বাইল ফোনৰ অবাধ ব্যৱহাৰৰ বাবে সম্প্ৰতি নৱ প্ৰজন্মৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে । আনহাতে, এজন লোকে মানসিক চাপত পৰাৰ ফলত হত্যাৰ দৰে পন্থা হাতত ল’ব পাৰে । এই বিকাৰটোক মানসিক চিকিৎসাৰ "বায় ছাইক’ ছ'চিয়েল " বুলি জনা যায় ৷ যাৰ ফলত ব্যক্তিগৰাকীয়ে হত্যাৰ দৰে শেষ পৰ্যায় বাছি ল’ব পাৰে । মাদকদ্ৰব্য বা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ফলত এই ধৰণৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে (Impact of crime series on youth mind) ।

ইউনিচেফ'ৰ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ৰাজ্যখনৰ 95 শতাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতী তথা কিশোৰ-কিশোৰী ইণ্টাৰনেট আৰু ম'বাইল ফোনৰ ব্যৱহাৰৰ বাবে বিভিন্ন ধৰণৰ মানসিক চাপত ভাৰাক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত 60 শতাংশই সামাজিক সম্পৰ্কৰ পৰা বিচ্ছিন্ন হোৱা পৰিলক্ষিত হৈছে (Impact of internet in mental health) ।

লগতে পঢ়ক:Baksha Murder case: পত্নী আৰু খুলশালীয়েকে হত্যা কৰি কবৰস্থ কৰিলে লালচানক

চিকিৎসক দুগৰাকীয়ে জনায় যে, এনে মানসিক চাপৰ পৰা আৰোগ্য লাভ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাতো অতিকৈ প্ৰয়োজন আৰু স্থানীয় লোকৰ এই ক্ষেত্ৰত বেশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজন আছে । অপৰাধ শেষ কৰাৰ আগতে বা অপৰাধীক শাস্তি প্ৰদান কৰি ঘটনাটো সমাপ্ত নকৰি অপৰাধীজনৰ মানসিক মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে দুয়োগৰাকী চিকিৎসকে ।

Last Updated : Mar 3, 2023, 7:24 PM IST

ABOUT THE AUTHOR

...view details