অসম

assam

ETV Bharat / state

আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰ - exclusive interview

ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাই কয় যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ অসমৰ নৰ্ডান ৰেঞ্জৰ প্ৰতিখন জিলাৰ সুৰক্ষাৰ বাবে আৰক্ষী লগতে অন্যান্য সুৰক্ষা বাহিনী সষ্টম হৈ আছে ৷

আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰ

By

Published : Aug 5, 2019, 6:25 PM IST

তেজপুৰ,৫ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ অসমৰ নৰ্ডান ৰেঞ্জৰ অধীনত 4 খন জিলাত সষ্টম আৰক্ষী প্ৰশাসন। আগন্তক সময়ছোৱাত যি কোনো ধৰণৰ কূটাঘাত মূলক কার্য পন্থাক ৰোধিবলৈ এলাৰ্ট জাৰি কৰা হৈছে নৰ্ডান ৰেঞ্জৰ জিলা কেইখনত ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে নৰ্ডান ৰেঞ্জৰ অধীনষ্ঠ শোণিতপুৰ,বিশ্বনাথ,লখিমপুৰ আৰু ধেমাজি জিলাত ৷ ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আৰক্ষী উপ-মহাপৰিদৰ্শক লাচিত বৰুৱাই কয় যে এই ৰেঞ্জৰ প্ৰতিখন জিলাৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনী সষ্টম কৰি ৰখা হৈছে। ৰাজ্যত সম্প্ৰতি যি জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে এই বিষয়ে আৰক্ষী শীৰ্ষ বিভাগৰ এলাৰ্ট জাৰি কৰাৰ লগতেৃ প্ৰতি খন জিলাৰ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশনা জাৰি কৰিছে বুলি জানিবলৈ দিয়ে । এই 4 খন জিলাত বৰ্তমান কোনো ধৰণৰ এনে কাৰ্যপন্থাৰ সন্দেহৰ অৱকাশ নাই যদিও আৰক্ষী আৰু সুৰক্ষাকৰ্মী যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত আছে ৷

আৰক্ষী উপ মহা পৰিদৰ্শক লাচিত বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক সুকীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details