ৰঙাপৰা,১৭ ডিচেম্বৰ :ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ প্ৰচলন । যাৰ বাবে বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অভিযান চলাইছে । এইবাৰ শোণিতপুৰৰ ৰঙাপৰাত চলিল আবকাৰী বিভাগৰ অভিযান (Excise raid at Rangapara)। শুকুৰবাৰে পুৱাৰে পৰা ৰঙাপৰাৰ দুটাকৈ স্থানত অবৈধ সুৰা, চুলাই মদৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিল ।
ৰঙাপৰা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগৰ উপ-পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত দোকানৰ ভিতৰৰ পৰা উদ্ধাৰ হ'ল বহু পৰিমাণৰ সুৰাৰ বটল । লগতে উদ্ধাৰ প্ৰায় ১০০ লিটাৰ চুলাই মদ । আবকাৰী বিভাগৰ অজ্ঞাতে ৰঙাপৰাৰ দৈনিক বজাৰৰ ভিতৰত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ যোৱা পথত একাংশ লোকে সুৰাৰ দোকান দি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । যাৰ ফলত চহৰখনৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।