তেজপুৰ,16 এপ্ৰিল: বিশ্বজুৰি কৰ'ণা ভাইৰাছে সন্ত্ৰাস চলোৱাৰ বাবে বহু লোক নিজৰ ৰাজ্যখনৰ বাহিৰতে আবদ্ধ হৈ পৰাৰ বাবে অৰুণাচল প্ৰদেশৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ লক ডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অৰুণাচল প্ৰদেশৰ লোকসকলৰ বাবে 3500 টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ অৰুণাচল প্ৰদেশ কেবিনেটৰ ৷
অৰুণাচল প্ৰদেশ কেবিনেটে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত - অৰুণাচল প্ৰদেশ কেবিনেটে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
লক ডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অৰুণাচলী লোকৰ বাবে 3500 টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ অৰুণাচল প্ৰদেশ কেবিনেটৰ ৷
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশপ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ভিডিঅ কনফাৰেঞ্চৰ যোগেদি ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকলৰ সতে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ পাছতে গ্ৰহণ কৰা হয় এই বিশেষ সিদ্ধান্ত ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰত্যেক জন লোকৰ বাবে চৰকাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিৰ পৰাই আগবঢ়োৱা হ'ব এই সাহাৰ্য ৷ সাহাৰ্য সমূহ জিলা উপায়ুক্তই স্থানীয় বিধায়কৰ জৰিয়তে আলোচনা কৰি পৰৱৰ্তী সময়ত UPI ৰ দ্বাৰা তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউন্টত জমা কৰিবলৈ নিৰ্দেশ দিয়ে অৰুণাচল প্ৰদেশ চৰকাৰে ৷ এই লোকসকলৰ তথ্য গুগল নথিৰ জৰিয়তে একত্ৰিত কৰি প্ৰত্যেক জিলাৰ উপায়ুক্তক প্ৰদান কৰিবলৈ নিৰ্দেশ চৰকাৰৰ ৷ আনহাতে কেবিনেটৰ সিদ্ধান্ত মতে এই লোকসকলৰ পঞ্জীয়নৰ সময় সীমা অহা 19 এপ্ৰিলৰ মাজনিশালৈকে বঢ়াই দিয়া হৈছে বুলি প্ৰকাশ পাইছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃত্তিত ৷
লগতে পঢ়কঃ ETV ETV ETV অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিকৰ পাচিঘাটৰ পৰা পলায়ন