দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন - সতীৰ্থ সন্মিলন
দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সোনালী জয়ন্তী বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ সতীৰ্থ সন্মিলন ৷ বৃন্দাবন গোস্বামী, য়েছে দৰ্জী ঠংছি, ডাঃ লক্ষ্মী গোস্বামী আৰু কেইবাজনো বিশিষ্ট অতিথিৰ অংশগ্ৰহণ
তেজপুৰ, 27 জুলাই: অসমৰ উত্তৰ পাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সোণালী জয়ন্তী বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ সতীৰ্থ সন্মিলন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভণি । আজি মুলসভাত মুখ্য অতিথি হিচাপে বিশিষ্ট বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলী, বিশিষ্ট অতিথি হিচাপে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, বিশিষ্ট সাহিত্যিক য়েছে দৰ্জী ঠংছি আৰু বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামী আৰু কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে । সভাত বৰ্তমানৰ চৰকাৰে হিন্দীবলয়ৰ সংস্কৃতি আমদানী আৰু পৃষ্ঠপোষকতা কৰি থাকিলে এসময়ত চতুৰ্থটো মোৱামৰীয়া বিদ্ৰোহ ব্ৰহ্মপুত্ৰ উপত্যকাত সংঘটিত হবগৈও পাৰে বুলি মন্তব্য কৰে
লক্ষ্মীনাথ তামুলীয়ে । তেওঁ সাম্প্ৰতিক অসমীয়া ভাষা-সংস্কৃতিৰ সংকট আৰু সমাধানৰ উপায় শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি এইদৰে কয় । আনহাতে, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে কয় যে, সমন্বয় আৰু সংস্কৃতিয়েই এটা ভাষাৰ দাপোন স্বৰূপ । তেওঁ পুনৰ কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিলে অসমত ভাষা সংস্কৃতিত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।